নিউজ ডেস্ক, ৯ মে':বিভিন্ন প্ৰতিশ্ৰুতি আৰু আশ্বাসেৰে আজিৰ পৰা এটা বছৰ পূৰ্বে দিছপুৰৰ মছনদত বহা মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা চৰকাৰে মঙলবাৰে পূৰ্ণ কৰিব এটা বছৰ । চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্তবিশ্ব শৰ্মাৰো হ’ব এয়া প্ৰথমটো বৰ্ষৰ সামৰণি (First anniversary of Himanta government) ।
ইতিমধ্যে চৰকাৰৰ এই প্ৰথমটো বৰ্ষপুৰ্তিত ভাগ লবলৈ ইতিমধ্যে দেওবাৰে নিশাই গুৱাহাটীত আহি উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Union home minister Amit Shah visits Assam) । সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ধুবুৰী, তামুলপুৰ আৰু গুৱাহাটীত কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ পিছত কাইলৈ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হবলগীয়া চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ভাগ লব (Amit Shah Assam visit schedule )।
ইতিমধ্যে এই প্ৰথমটো বৰ্ষপূৰ্তিৰ অনুষ্ঠান সফল কৰি তুলিবলৈ বিজেপি দল আৰু চৰকাৰৰ লগতে দুই মিত্ৰ দল অসম গণ পৰিষদ আৰু ইউ পি পি এলে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে (BJP and allies preparing for government's first anniversary )।