অসম

assam

By

Published : Oct 5, 2021, 5:39 PM IST

ETV Bharat / city

বৰ্ষাপাৰাত দিন দুপৰতে গুলী চালনা; আহত এজন

মহানগৰীৰ বৰ্ষাপাৰাৰ ইটাভাটাত গুলীচালনাৰ ঘটনা । গুলীচালনাত আহত এজন লোক ।

firing
গুলী চালনা

নিউজ ডেস্ক, 5 অক্টোবৰ : মহানগৰীত দিন দুপৰতে গুলী চালনাৰ ঘটনা । মহানগৰীৰ বৰ্ষাপাৰাৰ ইটাভাটাত গুলীচালনাৰ ঘটনা । গুলীচালনাত আহত এজন লোক । লোকজনৰ পিচ মূৰত আঘাত কৰে গুলীয়ে ৷ লোকজনক চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ । ৬ জনীয়া দুৰ্বৃত্তৰ এটা দলে এখন জুৱেলাৰীলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল । আহত লোক জনৰ নাম লিটন মজুমদাৰ বুলি জানিব পৰা গৈছে ৷

দেখা গৈছে যে, অপৰাধ নিয়ন্ত্ৰণৰ বাবে চৰকাৰ তথা আৰক্ষী প্ৰশাসনে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰাৰ পাচতো কিন্তু ৰাজ্যৰ ভিন্ন স্থানত সংঘটিত হৈয়েই আছে অপৰাধ জনিত ঘটনা ৷ মাত্ৰ তিনিদিন পূৰ্বে মহানগৰকীৰ ৰুক্মিনীগাঁৱত এগৰাকী সুৰামত্ত যুৱতীয়ে তীব্ৰ বেগত গাড়ী চলাই আহি মহিতীয়াই নিছিল 9 গৰাকীকৈ লোক নিৰ্মাণ বিভাগৰ শ্ৰমিকক ৷ এই দুৰ্ঘটনাত পতিত এগৰাকী শ্ৰমিকে ইতিমধ্যে হেৰুৱাইছে দুয়োখন ভৰি ৷ এনে বিক্ষিপ্ত ঘটনা ৰাজিয়ে বাৰুকৈয়ে চিন্তিত কৰি তুলিছে মহানগৰবাসীক ৷

লগতে পঢ়ক :দিছপুৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ বিপৰীতে চিকিৎসালয়ত ৰাজকন্যা বৰুৱা

ABOUT THE AUTHOR

...view details