অসম

assam

ETV Bharat / city

একেদিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত তিনিটা অগ্নিকাণ্ড; গোৱালপাৰাত জ্বলিল চলন্ত ট্ৰাক - FIRE IN RANGAPARA

মঙলবাৰে বিয়লিৰ ভাগত ধুবুৰীৰ অয়ৰাণ জংলা গাঁওত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ঘটনাত দুটা পৰিয়ালৰ তিনিটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ ইপিনে শোণিতপুৰৰ ৰঙাপৰাতো জুইত জাহ গ'ল দুটাকৈ বাসগৃহ ৷ গোৱালপাৰা জিলাৰ জামলাইত চলন্ত মালভৰ্তি ট্ৰাকত জুই লাগি প্ৰায় চাৰি লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয় । ধুবুৰীৰ পৰা নগৰবেৰালৈ গৈ আছিল তুলা ভৰ্তি ট্ৰাকখন ।

ৰাজ্যৰ কেউদিশে অগ্নিকাণ্ড

By

Published : Nov 5, 2019, 10:57 PM IST

নিউজ ডেস্ক, 5 নবেম্বৰ:ধুবুৰীৰ অয়ৰাণ জংলা গাঁওত অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি দুটা পৰিয়ালৰ । মঙলবাৰে বিয়লিৰ ভাগত ধুবুৰীৰ অয়ৰাণ জংলা গাঁওত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ফলত দুটা পৰিয়ালৰ তিনিটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ সা সম্পত্তি জুইত জাহ যায় । প্ৰাপ্ত তথ্য অনুসৰি গাঁও খনৰ আয়নাল হকৰ ঘৰত প্ৰথমতে হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । তাৰ পিছতেই জুইৰ লেলিহান শিখাই ভয়ংকৰ ৰূপ লৈ প্ৰতিবেশী আয়নাল হকৰ ভাতৃ জয়নাল হকৰ ঘৰ খনোকো ছানি ধৰে । ইপিনে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিওঁ দুয়োটা পৰিয়ালৰ তিনিটাকৈ ঘৰ, নথি পত্ৰ আৰু বিভিন্ন সা সামগ্ৰী সহ কেইবা লাখ টকাৰ ক্ষয় ক্ষতি হয় । ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় সেই তথ্য এতিয়ালৈ লাভ কৰা নাই ।

আন এক অনুৰূপ ঘটনাত শোণিতপুৰৰ ৰঙাপৰাত জুইত জাহ গ'ল দুটাকৈ বাসগৃহ ৷ অগ্নিকাণ্ডত দুটাকৈ বাসগৃহ নিমিষতে জাহ যায় । ৰঙাপৰাৰ ২ নং ৱাৰ্ডৰ ৰেলৱে বজাৰৰ সমীপত সংঘটিত হয় উক্ত ঘটনাটো । অগ্নিকাণ্ডত ঘৰৰ ভিতৰত থকা এটা চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয় । জুইৰ লেলিহান শিখাই গনেশ দাস আৰু দিপালী বসুমতাৰীৰ বাসগৃহটি আগৰি ধৰাত ঘৰৰ ভিতৰত থকা সকলো সা-সম্পত্তি জাহ যায় । পাছত ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত দুখন গাড়ীয়ে জুই নুমাবলৈ সক্ষম হয় । ইফালে দৰিদ্ৰ গনেশ দাসৰ বাসগৃহটিত নিজৰ ভাতৃ বোৱা দাসে অগ্নি সংযোগ কৰা বুলি দাসৰ পত্নীয়ে অভিযোগ উত্থাপন কৰিছে ৷

গোৱালপাৰা জিলাৰ জামলাইত চলন্ত মালভৰ্তি ট্ৰাকত জুই লাগি প্ৰায় চাৰি লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয় । ধুবুৰীৰ পৰা নগৰবেৰালৈ গৈ আছিল তুলা ভৰ্তি ট্ৰাকখন । গোৱালপাৰা জিলাৰ জামলাইত সংঘটিত হয় এই ঘটনা । ৰাজপথত দাউ দাউকৈ জ্বলি উঠিল তুলা ভৰ্তি চলন্ত ট্ৰাক । ধুবুৰীৰ পৰা নগৰবেৰালৈ আহি থকা অৱস্থাত তুলা কঢ়িয়াই অনা AS 17 C 2930 নম্বৰৰ এই ট্ৰাকখন হঠাৎ চলন্ত অৱস্থাতে ৰাজপথত দাউ দাউকৈ জ্বলি উঠে । ট্ৰাকৰ চালকজনে উপায়বিহীন হৈ ৰাজপথৰ কাষেৰে বৈ যোৱা জামলাই ইছলামপুৰ নদীত ট্ৰাকখন নমাই দিয়ে । অৱশেষত স্থানীয় ৰাইজৰ সহযোগত নৈৰ পানীৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও গাড়ীত থকা প্ৰায় চাৰি লাখ টকাৰ তুলা সম্পুৰ্ণ জ্বলি ছাই হোৱাৰ লগতে গাড়ীখনৰো বিস্তৰ ক্ষতিসাধন হয় । উল্লেখ্য যে,গাড়ীত থকা চালক আৰু হেণ্ডিমেনজন সৌভাগ্যক্ৰমে ৰক্ষা পৰে । স্বৰ্ট ছাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ একাংশৰ ।

ABOUT THE AUTHOR

...view details