অসম

assam

বাজেট সন্দৰ্ভত উৰাবাতৰিত ভোল নাযাবলৈ হিমন্তৰ টুইট

By

Published : Mar 6, 2020, 1:22 PM IST

শুকুৰবাৰে সদনত উত্থাপন কৰা হ'ব অসমৰ বাজেট ৷ বিগত বৰ্ষৰ নিয়ম ভংগ কৰি এইবাৰ আবেলিৰ ভাগত উত্থাপন হ'ব বাজেট ৷ বাজেট উত্থাপনৰ পূৰ্বেই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি ৰাইজক উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনাইছে ৷

বাজেট সন্দৰ্ভত উৰাবাতৰিত ভোল নাযাবলৈ হিমন্তৰ টুইট
বাজেট সন্দৰ্ভত উৰাবাতৰিত ভোল নাযাবলৈ হিমন্তৰ টুইট

নিউজ ডেস্ক, 6 মাৰ্চ :সদনত শুকুৰবাৰে আবেলিৰ ভাগত বিত্তমন্ত্ৰী হিমন্তই উত্থাপন কৰিব চলিত বিত্তীয় বৰ্ষৰ বাজেট ৷ বাজেট উত্থাপনৰ পূৰ্বেই বাৰকোডসহ সমগ্ৰ বাজেটখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা বুলি উৰাবাতৰি সম্প্ৰচাৰ হয় ৷

ইয়াৰ পিচতেই তাৎক্ষনিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হিমন্তই ৰাইজক আশ্বস্ত থাকিবলৈ আহ্বান জনায় ৷ বিত্তমন্ত্ৰীয়ে টুইট কৰি ৰাইজক কোনোধৰণৰ উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details