অসম

assam

ETV Bharat / city

দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ

কঠোৰ নীতি-নিয়মৰ মাজেৰে দেওবাৰে পুৱা 8 বজাৰ লগে লগে দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হয় কামাখ্যাৰ মূল প্ৰৱেশদ্বাৰ ৷ মন্দিৰৰ সম্পূৰ্ণ চৌহদ ছেনিটাইজ কৰাৰ লগতে নাৰ্ছাৰীত প্ৰতিগৰাকী দৰ্শনাৰ্থীকে ক'ভিড পৰীক্ষা কৰোৱা হয় ৷ ইপিনে মন্দিৰৰ প্ৰৱেশদ্বাৰ খোলাৰ সমান্তৰালকৈ খোল খালে নীলাচলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো ৷

By

Published : Oct 11, 2020, 9:20 PM IST

Updated : Oct 11, 2020, 10:09 PM IST

Finally, the door of Shaktipeeth Kamakhya Dham was opened for the visitors
অৱশেষত দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ

গুৱাহাটী,11অক্টোবৰঃঅৱশেষত6 মাহৰ অন্তত মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ ৷ কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি লকডাউন ঘোষণা কৰাৰ ফলত আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ আছিল ধৰ্মীয় অনুষ্ঠানো ৷ দেশৰ অন্যতম ধৰ্মীয়স্থানৰ লগতে কামাখ্যা ধামো বন্ধ কৰি দিয়া হৈছিল দৰ্শনাৰ্থীৰ বাবে ৷ আনকি অম্বুবাচীৰ সময়তো উৰুঙা হৈ থাকিল নীলাচলৰ বুকু ৷ কিন্তু শেহতীয়াকৈ যাৱতীয় নীতি নিয়মেৰে পুনৰ কামাখ্যা মুকলি কৰি দিয়া হৈছে দৰ্শনাৰ্থীৰ বাবে ৷

দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি হ'ল শক্তিপীঠ কামাখ্যা ধামৰ দুৱাৰ

কঠোৰ নীতি-নিয়মৰ মাজেৰে দেওবাৰে পুৱা 8 বজাৰ লগে লগে দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হয় কামাখ্যাৰ মূল প্ৰৱেশদ্বাৰ ৷ মন্দিৰৰ সম্পূৰ্ণ চৌহদ ছেনিটাইজ কৰাৰ লগতে নাৰ্ছাৰীত প্ৰতিগৰাকী দৰ্শনাৰ্থীকে ক'ভিড পৰীক্ষা কৰোৱা হয় ৷ ইপিনে মন্দিৰৰ প্ৰৱেশদ্বাৰ খোলাৰ সমান্তৰালকৈ খোল খালে নীলাচলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো ৷ আনহাতে,মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে,ক'ভিড প্ৰট'কলৰ সকলো যাৱতীয় নীতি-নিয়ম মানিহে মন্দিৰ দৰ্শনৰ সুবিধা দিয়া হৈছে দৰ্শনাৰ্থীসকলক ৷

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

Last Updated : Oct 11, 2020, 10:09 PM IST

ABOUT THE AUTHOR

...view details