গুৱাহাটী, 18 নৱেম্বৰ : ভালুকৰ সাঙীত পৰিণত হৈছে গুৱাহাটী মহানগৰীত স্থাপন কৰা চি চি টিভি'(CCTV) কেমেৰা সমূহ ৷ হয়, কোটি-কোটি টকা খৰচ কৰি মহানাগৰিকৰ সুৰক্ষাৰ বাবে স্থাপন কৰা চি চি টি ভিৰ কেমেৰাবোৰৰ অধিকাংশই হৈ পৰিছে বিকল ৷ একেবাৰে কম সংখ্যক চি চি টিভি কেমেৰা যি এতিয়াও সক্ৰিয় হৈ আছে সেইবোৰৰো দৃশ্য ধৰি ৰখাৰ ক্ষমতা কমি আহিছে ৷
উল্লেখ্য যে 2013 চনতে অসম আৰক্ষীয়ে মহানগৰবাসীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ বিভিন্ন ঠাইত 300 টা চি চি টি ভিৰ কেমেৰা স্থাপন কৰাৰ বাবে সিদ্ধান্ত লৈছিল । চি চি টিভি কেমেৰা স্থাপন কৰাৰ বাবে এটা কোম্পানীক দায়িত্ব দিয়া হৈছিল । এই প্ৰকল্পটো 2015 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । কিন্তু কোম্পানীটোয়ে দায়িত্বহীনভাৱে শামুকীয়া গতিৰে কাম কৰাৰ বাবে নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ নহ'ল প্ৰকল্পটোৰ কাম ।
2017 চনতেই কোম্পানীটোৱে এই কামফেৰা সম্পূৰ্ণ কৰিলে ৷ কিন্তু 300 টা চি চি টি ভি কেমেৰা গুৱাহাটীৰ বিভিন্ন ঠাইত 290 টা চি চি টি ভি কেমেৰা স্থাপন কৰিয়েই দায়িত্ব সামৰিলে কোম্পানীটোৱে । এই চি চি টি ভি কেমেৰাবোৰ মহানগৰীৰ ট্ৰেফিক পইন্ট বিলাকত থকা ট্ৰেফিক লাইটৰ খুটাত স্থাপন কৰা হৈছিল ।
আৰক্ষীৰ বিভিন্ন উৎসৰ পৰা পোৱা তথ্য মতে স্থাপন কৰা চি চি টি ভিৰ কেমেৰাবোৰ বৰ্তমানৰ স্মাৰ্ট ফোনৰ কেমেৰাতকৈ অতি নিম্নমানৰ । ফলত আন্ধাৰত এই চি চি টি ভিৰ কেমেৰাবোৰে কাম কৰিব নোৱাৰে । লগতে বৰ্তমান 290 টা চি চি টি ভিৰ কেমেৰাৰ 50 শতাংশ কেমেৰাই বেয়া হৈ আছে ।