গুৱাহাটী, ১৩ ডিচেম্বৰ : গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড(Sensational murder in Guwahati)। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত পূৱ বৰাগাঁৱৰ গোঁসাইগাঁৱত । পিতৃয়ে হত্যা কৰিলে ১৩ বছৰীয়া কন্যাক (Father killed daughter in Guwahati)। বিচনাত কম্বল দি ঢাকি থোৱা অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ ৷
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, পূৱ বৰাগাঁৱৰ গোঁসাইগাঁৱত ভাড়াতীয়া হিচাপে আছিল পত্নী-কন্যাসহ বল বাহাদুৰ বিশ্বকৰ্মা । মাতৃ পাৰ্বতী বড়ো মালিগাঁও ক’ভিড চেন্টাৰত কৰ্মৰত । দেওবাৰে নিশা পিতৃ আৰু কন্যাক ঘৰত থৈ কৰ্তব্যলৈ ওলাই গৈছিল পাৰ্বতী বড়ো । সোমবাৰে বিয়লি ৩.৩০ মান বজাত মালিগাঁৱৰ পৰা ঘৰলৈ উভতি আহি ঘৰত তলা লগা দেখি ওচৰ চুবুৰীয়াক সোধ পোছ কৰে ৷