গুৱাহাটী, 19 জুলাই: ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ ভুৱা ডিগ্ৰীধাৰী তথা ভুৱা পি এইচ ডি ডিগ্ৰীধাৰীৰ বিৰুদ্ধে ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে গ্ৰহণ কৰিছে কঠোৰ স্থিতি (Higher education department strict against fake degree) । সন্দেহজনক পি এইচ ডি ডিগ্ৰীৰে ৰাজ্যৰ মহাবিদ্যালয় সমূহত কৰ্মৰত হৈ থকা এনে শিক্ষকক বিচাৰি উলিয়াই তেনে ৭০ জন সহকাৰী অধ্যাপক আৰু গ্ৰন্থগাৰিকৰ নথি পৰীক্ষাৰ বাবে উচ্চ শিক্ষা বিভাগে ইতিমধ্যে জাৰি কৰিছে চমন ।
চমন লাভ কৰা তেনে শিক্ষকে মঙলবাৰে গুৱাহাটীস্থিত মিছন সঞ্চালকালয় কাৰ্যালয়ত ভিৰ কৰা পৰিলক্ষিত হয় । সন্দেহজনক পি এইচ ডি ডিগ্ৰী থকা (Doubtful PhD holders) তেনে শিক্ষকে বিশেষ স্ক্ৰিণিং কমিটিৰ সন্মুখত শিক্ষাগত অৰ্হতাৰ মাৰ্কশ্বীট, প্ৰমাণপত্ৰ, মহাবিদ্যালয় জইনিং লেটাৰ আদি বিভিন্ন নথি-পত্ৰ প্ৰদৰ্শন কৰে । এই কমিটিয়ে মঙলবাৰে পুৱা ১০ বজাৰ পৰা দুটা পৰ্যায়ত এবাৰত ৩৫ গৰাকীকৈ শিক্ষকৰ প্ৰমাণ পত্ৰ সমূহৰ পৰীক্ষণ কৰে ৷