গুৱাহাটী, 3 আগষ্ট:অনলাইনত সংগী বিচাৰোতে সাৱধান হওঁক । এতিয়া একাংশ লোক নামি পৰিছে প্ৰৱঞ্চনাত । শেহতীয়াকৈ এগৰাকী যুৱতীৰ লগত অনলাইন বিবাহ ৱেবছাইট Shadi.com যোগে চিনাকি হৈছিল এজন যুৱক । যুৱকজনৰ নাম জিতু ফুকন ৷ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া বুলি যুৱতীগৰাকীক চিনাকি দিছিল যুৱকজন । চিনাকি হৈ নানা প্ৰলোভন দি যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাই বিবাহৰ প্ৰস্তাৱ দিছিল কাহিনীৰ নায়ক জিতু ফুকনে ।
যুৱতীগৰাকীও লাহে লাহে বিশ্বাসত ল'বলৈ আৰম্ভ কৰিছিল যুৱকজনক । অতি বিশ্বাসৰ সুযোগতে বিভিন্ন অজুহাত দেখুৱাই যুৱতীগৰাকীৰ পৰা প্ৰায় 75 হাজাৰ টকা সৰকাই যুৱকজনে । কিন্তু অৱশেষত যুৱতীগৰাকীয়ে প্ৰৱঞ্চকটোৰ সকলো ভুৱা কাম কাজ ধৰা পেলাবলৈ সক্ষম হয় । নিজৰ ভুৱা পৰিচয় দি বহু যুৱতীক প্ৰেমৰ জালত পেলাইছিল এই ভণ্ড অনলাইন প্ৰেমীয়ে ।