অসম

assam

ETV Bharat / city

গুৱাহাটীত গ্ৰেপ্তাৰ ভুৱা চিবিআই বিষয়া - undefined

গুৱাহাটীত মহিলাক 3 লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ ভুৱা চিবিআই বিষয়া ৷ পশ্চিমবংগৰ বাসিন্দা লোকজনক গ্ৰেপ্তাৰ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে ৷

Fake CBI Officer Arrested in Guwahati
গুৱাহাটীত গ্ৰেপ্তাৰ ভুৱা চিবিআই বিষয়া

By

Published : Jan 24, 2021, 1:26 PM IST

নিউজ ডেস্ক, 24 জানুৱাৰী : অসম আৰক্ষীৰ অভিযানত শনিবাৰে গ্ৰেপ্তাৰ হয় এগৰাকী ভুৱা চিবিআই বিষয়া । পল্টনবজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ হয় ভুৱা বিষয়াগৰাকীক । পশ্চিমবংগৰ হুগলী জিলাৰ বাসিন্দা বুলি পৰিচয় দিয়া লোকজন শ্বাকিল শ্বেইখ বুলি সদৰি কৰিছে আৰক্ষীয়ে ।

৩ লাখ টকা দাবী কৰি সেই ধন জমা দিবলৈ কোৱা বুলি এগৰাকী মহিলাই দাখিল কৰা এজাহাৰৰ ভিত্তিত লোকজনক গ্ৰেপ্তাৰ হয় । অভিযুক্ত লোকজনে নিজকে চি বি আই বিষয়া বুলি চিনাকি দিছিল বুলি পল্টনবজাৰ আৰক্ষীয়ে সদৰী কৰিছে ।

ঘটনা সন্দৰ্ভত পল্টন বজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে ৷ লোকজনৰ বিৰুদ্ধে ৯০/২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৯/৪২০/২১১/৩৮৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে অধিক তথ্যৰ বাবে বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :আজি কোকৰাঝাৰ-নলবাৰীত ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details