গুৱাহাটী,28 মাৰ্চ :শনিবাৰে নেপকোৰ জলবিদ্যুৎ প্ৰকল্পত (NEEPCO Hydroelectric Project) সংঘটিত হোৱা জল বিস্ফোৰণৰ ঘটনাই অসমত বৃহৎ নদী বান্ধৰ ভয়াবহতাৰ প্ৰতি পুনৰ এক আগজাননী প্ৰতিফলিত কৰিছে । জলবিদ্যুৎ প্ৰকল্পত হঠাৎ সংঘটিত জল বিস্ফোৰণ (Water explosion at Neepco Hydro Power Plant) ৰ ফলত নেপকোৰ তিনিগৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছে । চৰকাৰে এয়া সহজ ঘটনা বুলি কৈ ঘটনাটোৰ এক নিয়মমাফিক তদন্তৰ ব্যৱস্থা কৰিছে । এই ঘটনাক লৈ দেশ জুৰি বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
এই সন্দৰ্ভত নতুন দিল্লীৰ South Asia Network on Dams, Rivers and People(SANDRP) ৰ সমম্বয়ক হিমাংশু থাকাৰে (Himanshu Thakkar) কয় যে, চৰকাৰ আৰু নেপকোৰ চূড়ান্ত অৱহেলাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছে । লগতে তেওঁ কয় যে, 275 মেগাৱাটৰ কপিলি জলবিদ্যুৎ বান্ধে পুনৰ এক ডাঙৰ দুৰ্যোগৰ সন্মুখীন কৰা ঘটনাটোক সহজভাৱে ল'লে নহ'ব। ইয়াৰ আগতে, একেটা প্ৰকল্পই 2019 অক্টোবৰত দুৰ্যোগৰ সন্মুখীন হৈছিল । নিপকো হাইড্ৰ' প্ৰকল্পত এনেধৰণৰ কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে ।
কপিলি প্ৰকল্পত সংঘটিত দুটা দুৰ্ঘটনাৰ উপৰিও, নীপকোৰ দোয়াং আৰু ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা হঠাতে পানী এৰি দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে আৰু নীপকোৰ কামেং জলবিদ্যুৎ প্ৰকল্পত কেইবাটাও সমস্যাই প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে সমম্বয়কগৰাকীয়ে । এনে ঘটনাৰ কোনো বিশ্বাসযোগ্য স্বতন্ত্ৰ অনুসন্ধানৰ অভাৱত, ভৱিষ্যতৰ বাবে দায়বদ্ধতা আৰু অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ অভাৱত এনে দুৰ্যোগ পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি আশংকা প্ৰকাশ কৰে হিমাংশু থাকাৰে ।
লগতে পঢ়ক :নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণত নিহত তিনি
লগতে তেওঁ কয় যে, ডিমা হাছাওত হোৱা মূষলধাৰ বৰষুণৰ ফলত শনিবাৰে নেপকোৰ জলবিদ্যুৎ প্ৰকল্পত এই ঘটনা সংঘটিত হৈছে বুলি এক প্ৰতিবেদন প্ৰকাশ পাইছে । নেপকোয়ে নিশ্চিতভাৱে বৰষুণৰ আগজাননী পাইছিল তেতিয়া কি কৰি আছিল বুলি প্ৰশ্ন কৰে সমম্বয়কগৰাকীয়ে । ইয়াৰোপৰি তেওঁ কয়, এই ঘটনাৰ এক স্বতন্ত্ৰ তদন্ত হ'ব লাগে । তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হ'ব লাগে । আকৌ এই প্ৰকল্পটো পুনৰীক্ষণ হ’ব লাগে । প্ৰকল্পটো ভৱিষ্যতলৈ আগবঢ়ায় নিয়াৰ বিষয়ত আলোচনা কৰাৰ বাবে এখন স্বতন্ত্ৰ কমিটি গঠন হ'ব লাগে । এনেয়ে এই ঘটনাটোকলৈ পানী ঘোলা কৰি লাভ নাই বুলি তেওঁ কয় ।
হিমাংশু থাকাৰে কয় যে, সকলো নদী বান্ধে বিপদজনক । নদী বান্ধৰ আন্তঃগাঁথনিৰ গফিলতিতকৈ এই নদী বান্ধ পৰিচালনা কৰাৰ সামান্য গফিলতাই ভয়াবহ দুৰ্যোগ সৃষ্টি কৰিব পাৰে। তেওঁ কয় যে এই পৰিপ্ৰেক্ষিতত গেৰুৱামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পুনৰীক্ষণ কৰা প্ৰয়োজন । এই প্ৰকল্পটো কেনেদৰে পৰিচালনা হৈ আছে সেই বিষয়টো অতি গুৰুত্বপূৰ্ণ । তেওঁৰ মতে, গেৰুৱামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ কাম আগনঢ়োৱাতোয়ে ভাল হ'ব ।