গুৱাহাটী, 11 জুলাই:পুনৰ গুৱাহাটীত বৃদ্ধি কৰা হ’ব নেকি লক ডাউনৰ সময়সীমা ৷ তাক লৈ এতিয়া বিভিন্ন লোকৰ মাজত ব্যাপক আলোচনা ৷ লক ডাউন বৃদ্ধিৰ প্ৰসংগত এইবাৰ মুখ খুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । চৰকাৰে যদি লক ডাউন বৃদ্ধিৰ সিদ্ধান্ত লয় তেন্তে সেয়া অতিকৈ ভুল হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ লগতে কয়,কেৱল লক ডাউনেই কৰ'ণা সংক্ৰমণ ৰোধৰ একমাত্ৰ উপায় নহয় । কৰ'ণা ৰোধৰ বাবে অন্য প্ৰক্ৰিয়া অৱলম্বন কৰক চৰকাৰে । লক ডাউন বৃদ্ধি নকৰিব আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷