অসম

assam

ETV Bharat / city

Pradip Buragohain case : পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰদীপ বুঢ়াগোহাঁই

পুনৰ দুদিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক ৷ বুধবাৰে নিশা মহানগৰ আৰক্ষীয়ে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ বুঢ়াগোহাঁইক(Ex ACA Secretary Pradeep Buragohain arrested) ।

By

Published : Dec 17, 2021, 9:43 PM IST

ex-aca-secretary-pradeep-buragohain-has-been-sent-to-another-two-days-police-custody
Pradip Buragohain case : পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰদীপ বুঢ়াগোহাঁই

গুৱাহাটী, ১৭ ডিচেম্বৰ : ক্ৰিকেটৰ নামত চলা পুজি আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক শুকুৰবাৰে আদালত হাজিৰ কৰোৱাৰ পিছতে দুদিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰা হয় । এই ঘটনাৰ লগত জৰিত থকা আন লোক সকলো শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আৰক্ষীয়ে । শুকুৰবাৰে ঘটনা সম্পৰ্কে কেইবাজন লোকক সোধপোছ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে ।

উল্লেখ্য যে, মহানগৰীৰ ফটাশিল আমবাৰী থানাত অসম ক্ৰিকেট সংস্থাই দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰ মৰ্মে বুধবাৰে নিশা মহানগৰ আৰক্ষীয়ে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰদীপ বুঢ়াগোহাঁইক(ACA Ex Secretary Pradeep Buragohain arrested) । উল্লেখ্য যে, অসম ক্ৰিকেট সন্থাৰ বৃহৎ বিত্তীয় কেলেংকাৰী(Scam in Assam cricket association)ৰ সৈতে প্ৰদীপ বুঢ়াগোঁহাই জড়িত থকাৰ অভিযোগ উঠিছে । বিগত সপ্তাহত অসম ক্ৰিকেট সন্থাই গুৱাহাটীৰ ফটাশিল আৰক্ষী থানাত প্ৰাক্তন সম্পাদক গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত ফটাশিল আমবাৰী থানাত প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/ ৪০৬/৪০৯/৪২০/৪৬৯/৩৪ ধাৰাৰ অধীনত পঞ্জীয়ন হৈছিল ৮১৭/২১ নম্বৰত গোচৰ । জানিব পৰা মতে ২০১৬ৰ পৰা ২০১৯ চনৰ ভিতৰত প্ৰায় ৫০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈছিল অসম ক্ৰিকেট সন্থাত(Assam cricket association) । কেলেংকাৰী সন্দৰ্ভত এক বিত্তীয় পৰ্যবেক্ষণ কমিটি গঠন কৰি দিয়া হৈছিল । সেই কমিটিৰ প্ৰতিবেদনত পোহৰলৈ আহিছিল প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ নাম ।

লগতে পঢ়ক :SBI ৰ ১৬৯ কোটি লৈ পলাই গ’ল নায়ক

ABOUT THE AUTHOR

...view details