অসম

assam

ETV Bharat / city

বিজেপিত যোগদান সহস্ৰাধিক প্ৰাক্তন আছু সদস্যৰ

সদৌ অসম ছাত্ৰ সন্থাৰ সহস্রাধিক প্রাক্তন সদস্যৰ ভাৰতীয় জনতা পার্টিত যােগদান ৷

বিজেপিত যোগদান সহস্ৰাধিক প্ৰাক্তন আছু সদস্যৰ
বিজেপিত যোগদান সহস্ৰাধিক প্ৰাক্তন আছু সদস্যৰ

By

Published : Nov 12, 2020, 8:44 AM IST

গুৱাহাটী,12 নৱেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মােদীৰ নেতৃত্বত "সবকা কা সাথ সবকা বিকাশ" উদ্দেশ্যৰে কাম কৰি অহা ভাৰতীয় জনতা পার্টিৰ নীতি আদর্শ প্রতি আকৃষ্ট হৈ সহস্ৰাধিক আছু সদস্যৰ বিজেপিত যোগদান ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সদৌ অসম ছাত্র সংস্থাৰ সহস্রাধিক প্রাক্তন সদস্যই বুধবাৰে ভাৰতীয় জনতা পাটিত যােগদান কৰে ।

বিজেপিত যোগদান সহস্ৰাধিক প্ৰাক্তন আছু সদস্যৰ

আজি সদৌ অসম ছাত্র সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সাধাৰণ সম্পাদক ক্ৰমে ৰবিন দাস আৰু কমল কলিতা,অমৰেন্দ্ৰ শৰ্মা,আছুৰ প্ৰাক্তন কার্যনিৰ্বাহক চপন শইকীয়াকে আদি কৰি বিভিন্ন জিলাৰ মুঠ 1000ৰাে অধিক আছুৰ প্ৰাক্তন কার্যনির্বাহক বিষয়ববীয়াই বিজেপিত যােগদান কৰে ।

যােগদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে কয়,"বিভিন্ন জনগােষ্ঠীয় সমষ্টিৰে সন্মিলিত সংস্কৃতিৰে ঐক্যৱদ্ধ অসমীয়া সমাজৰ বৃহৎ উন্নয়ন সাধনেই আমাৰ একমাত্র লক্ষ্য। আমাৰ অসম আমাৰ লক্ষ্য আমাৰ অধিকাৰ এই সমূহকে কেন্দ্ৰ কৰি 2016ৰ পৰা এই চৰকাৰখনে অবিৰতভাৱে কাম কৰি আহিছে ।"

যােগদান কাৰ্যসূচীত উপস্থিত থকা বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে বিজেপি নেতৃত্বাধীন চৰকাৰক খিলঞ্জীয়াৰ চৰকাৰ আখ্যা দিয়াৰ লগতে কয় যে,বিজেপিয়ে সর্বস্পশী আৰু সর্বব্যাপী নীতি আদর্শত বিশ্বাস কৰে । প্রবীণক সন্মান আৰু নবীনক আদৰণিয়েই ভাৰতীয় জনতা পার্টিৰ নীতি। সভাত বক্তব্য আগবঢ়াই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই জাতীয়তাবাদৰ পঞ্জীভূত সমষ্টিয়েই ৰাষ্ট্রবাদ বুলি উল্লেখ কৰে আৰু ৰাষ্ট্ৰবাদৰ প্রতি আকৃষ্ট হােৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্যসকলক ভাৰতীয় জনতা পার্টি পৰিয়ালৰ সৈতে সংযুক্ত হৈ ৰাষ্ট্ৰৰ হকে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানটোত ভাৰতীয় জনতা পার্টিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা,সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লােচন দাস,দলৰ মুখ্য মুখপাত্র ৰূপম গােস্বামী,মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী অপৰাজিতা ভূঞাৰ লগতে ৰাজ্যিক পর্যায়ৰ কাৰ্যকর্তাসকল উপস্থিত আছিল ।

লগতে পঢ়ক :দীপাৱলী উপলক্ষে চিৰাঙৰ আৰক্ষী অধীক্ষকৰ জিলাবাসীলৈ বিশেষ আহ্বান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details