অসম

assam

ETV Bharat / city

পোন্ধৰ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ - লিকুইডেটৰ কুলদীপ বার্মা

লিকুইডেটৰ কুলদীপ বাৰ্মাই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক ‍১৫ দিনৰ ভিতৰত আৱাস সমূহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে । এই সন্দৰ্ভত জাৰি কৰা জাননীক লৈ এতিয়া পুনৰ উত্তপ্ত হৈ পৰিছে কাগজ কল দুটাৰ চৌহদ । বিগত ৫৬ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ থকা কাগজ কল দুটাৰ কৰ্মচাৰীসকলে কোনো কাৰণতে ঘৰ খালী নকৰে বুলি স্পষ্ট কৰি দিছে ।

পোন্ধৰ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ
পোন্ধৰ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ

By

Published : Sep 4, 2021, 3:54 PM IST

গুৱাহাটী,৪ ছেপ্তেম্বৰ: এখন জাননীক লৈ হাহাকাৰ লাগিছে নগাঁও আৰু কাছাৰ কাগজ কলৰ আৱাসিক এলেকাত । ৰাজ্যৰ দুটাকৈ কাগজ কলৰ দুৰ্ভগীয়া কৰ্মাচাৰীসকলৰ সন্মুখত এতিয়া নতুন বিপদে দেখা দিছে । নেচনেল ল' ট্ৰিবিউনেলে নিয়োগ কৰা লিকুইডেটৰ কুলদীপ বাৰ্মাই নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক ‍১৫ দিনৰ ভিতৰত আৱাস সমূহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

এই সন্দৰ্ভত জাৰি কৰা জাননীক লৈ এতিয়া পুনৰ উত্তপ্ত হৈ পৰিছে কাগজ কল দুটাৰ চৌহদ । বিগত ৫৬ মাহ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ থকা কাগজ কল দুটাৰ কৰ্মচাৰীসকলে লিকুইডেটৰ কুলদীপ বাৰ্মাৰ পৰা কোম্পানীৰ কোৱাটাৰ সমূহ খালী কৰাৰ জাননী লাভৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

উল্লেখযোগ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰিবলৈ পূৰ্বতে দিয়া নিৰ্দেশত স্থগিতাদেশ জাৰি কৰাৰ পাছতো ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কলকাতাত থাকি লিকুইডেটৰে অসমীয়া কর্মচাৰীসকলক পুনৰ ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়া বুলি অভিযোগ কৰিছে কাগজ কল কর্মচাৰী ইউনিয়নে ।

পোন্ধৰ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ

লগতে পঢ়কঃ বিধানসভাৰ গৃহ বিভাগৰ ষ্টেণ্ডিং কমিটিৰ প্ৰতিবেদনত ভয়াৱহ তথ্য

সম্প্ৰতি সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ইউনিয়নৰ নেতা মানবেন্দ্ৰ চক্ৰৱতীয়ে অভিযোগ কৰি কয় যে, নেচনেল কোম্পানী ল' এপীলেট ট্ৰিবিউনেলে কাগজ কল দুটা কার্যক্ষম কৰিহে নিলাম কৰাৰ নিৰ্দেশ দিছিল । তদুপৰি কর্মচাৰীৰ প্ৰাপ্য বকেয়া আদায় দিয়াৰ কথাও উল্লেখ কৰিছিল ।

কিন্তু ট্ৰিবিউনেলৰ এই নিৰ্দেশৰ পাছতো লিকুইডেটৰ কুলদীপ বার্মাই নগাঁও আৰু কাছাৰ কাগজ কল বিক্ৰী কৰা হ'ব বুলি কৈ কর্মচাৰীক ঘৰ খালী কৰিবলৈ নিৰ্দেশসূচক পত্ৰ প্ৰেৰণ কৰিছে বুলি চক্ৰৱৰ্তীয়ে অভিযোগ কৰে ।

কাগজ কলৰ কর্মচাৰীৰ স্পষ্ট কথা যে, প্ৰাপ্য বকেয়া অবিহনে ঘৰ খালী কৰাৰ চেষ্টা চলালে চৰকাৰে মৃতদেহ আঁতৰাব লাগিব । লগতে পৰিস্থিতি ভয়াৱহ হ'ব বুলি আৱাসীসকলে চৰকাৰক সকিয়াই দিছে । কর্মচাৰীসকলে কোনা কাৰণতে ঘৰ খালী নকৰে বুলি ইতিমধ্যে চক্ৰৱৰ্তীয়ে স্পষ্ট কৰি দিয়ে । উল্লেখযোগ্য যে, কাগজ কলৰ কোৱাটাৰত প্ৰায় ৮০০ পৰিয়াল আছে ।

লগতে পঢ়কঃ পূজাৰ পূৰ্বেই ছয় সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details