অসম

assam

ETV Bharat / city

Eviction Drive Against Unauthorized Vendors : বজাৰে বজাৰে গুৱাহাটী পৌৰ নিগমৰ অভিযান

বৃহস্পতিবাৰে গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী এটি দলে মহানগৰীৰ বিভিন্ন ঠাইত অভিযান চলাই কেইবাখনো মাংসৰ দোকান বন্ধ কৰাৰ লগতে জৰিমনা বিহে(GMC eviction drive in Guwahati city) ৷ শাক-পাচলিৰ লগতে কণী, মাছ, মাংস জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

veterinary-department-of-gmc-search-oparetion-in-market-area-of-guwahati
এইবাৰ ব্যৱসায়ীৰ বিৰুদ্ধে পৌৰ নিগমৰ অভিযান

By

Published : Dec 10, 2021, 12:31 PM IST

গুৱাহাটী, 10 ডিচেম্বৰ :অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান গুৱাহাটী পৌৰ নিগমৰ (Eviction drive against unauthorized vendors in Guwahati)। লগতে গুৱাহাটীৰ বিভিন্ন বজাৰত ছাগলীৰ নামত ভেড়াৰ মাংস বিক্ৰী কৰা কেইবাখনো মাংসৰ দোকান বন্ধ কৰে ।

শেহতীয়াকৈ কেইদিনমান পূৰ্বে ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই থকা গুৱাহাটীৰ হোটেল, ল’জ, ফাষ্ট ফুডৰ দোকান, ৰেষ্টুৰাৰ বিৰুদ্ধে অভিযান চলাইছিল গুৱাহাটী পৌৰ নিগমে ৷ এই অভিযানৰ পাচতেই এইবাৰ নিয়ম উলংঘা কৰি মহানগৰীত মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে সৰৱ হৈ উঠে গুৱাহাটী পৌৰ নিগম (GMC strict against roadside vendors)৷

এই অভিযানত অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মহানগৰীত মাছ আৰু শাক-পাচলি বিক্ৰী কৰা কেবাখনো দোকানক জৰিমনা বিহা হয় ৷ লগতে গুৱাহাটী পৌৰ নিগমৰ পঞ্জীয়নভুক্ত কচাইখানাৰ চীল মোহৰ নথকা মাংস বিক্ৰী কৰা কেবাখনো মাংসৰ দোকান ছীল কৰে অভিযানকাৰী দলটোৱে ৷

জানিব পৰা মতে, গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী এটি দলে মহানগৰীৰ পল্টনবজাৰ, উলুবাৰী, চেৰাৱভাটি, কাহিলিপাৰা, এ কে আজাদ পথ, ক'লনি বজাৰ, জ্যোতিকুছি আৰু লখৰা এলেকাত অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযান চলায়(GMC operation in different areas of Guwahati) ।

এই অভিযানত গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ অভিযানকাৰী দলে অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মাছ-মাংস আৰু শাক-পাচলি বিক্ৰী কৰা ব্যৱসায়ীৰ পৰা 17,500 টকাৰ জৰিমনা আদায় কৰে । লগতে এই অভিযানত দলটোৱে 140 কিলোগ্ৰাম মাছ, 70 কিলোগ্ৰাম ছাগলীৰ মাংস, 60 কিলোগ্ৰাম হাঁহ-কুকুৰাৰ মাংস, 5 কাৰ্টন কণী আৰু 200 কিলোগ্ৰাম শাক-পাচলি জব্দ কৰে । জব্দ কৰা সামগ্ৰীসমূহ বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডত(Boragoan dumping ground) পেলাই দিয়া হয় বুলি গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাৰ পশু চিকিৎসা বিষয়া প্ৰদীপ মেধিয়ে জনায় ৷

লগতে পঢ়ক :Shortage of man power in GMC : মহানগৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ সৃষ্টি হৈছে সমস্যা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details