অসম

assam

ETV Bharat / city

এন আৰ চিৰ প্ৰতিলিপি দাহ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ - ক'লা দিন হিচাপে আখ্যা

শনিবাৰে পুৱা ভাগতে প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চি ৷ তিনিটা দশক জোৰা দাবীৰ অন্তত অসমে এন আৰ চি লাভ কৰিলেও সন্তুষ্ট নহ'ল সাধাৰণ জনগণ ৷ মহানগৰীৰ আমবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদে এন আৰ চিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ সংগঠনটোৱে ৰাজপথতে দাহ কৰিলে এন আৰ চিৰ প্ৰতিলিপি ৷

এন আৰ চিৰ প্ৰতিলিপি দাহ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

By

Published : Aug 31, 2019, 11:27 PM IST

গুৱাহাটী, 31 আগষ্ট : শনিবাৰে পুৱা ভাগতে প্ৰকাশ পালে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চি ৷ তিনিটা দশক জোৰা দাবীৰ অন্তত অসমে এন আৰ চি লাভ কৰিলেও সন্তুষ্ট নহ'ল সাধাৰণ জনগণ ৷ মহানগৰীৰ আমবাৰীত হিন্দু যুৱ ছাত্ৰ পৰিষদে এন আৰ চিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ সংগঠনটোৱে ৰাজপথতে দাহ কৰিলে এন আৰ চিৰ প্ৰতিলিপি ৷

এন আৰ চিৰ প্ৰতিলিপি দাহ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

অসমীয়া জাতি সুৰক্ষাৰ বাবে এন আৰ চি কোনো পধ্যেই গ্ৰহণযোগ্য নহয় বুলি প্ৰতীক হাজেলা আৰু মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সংগঠনটোৰ সদস্যসকলে ৷ কেৱল ইমানেই নহয়, অসমৰ বাবে শনিবাৰৰ দিনটো ক'লা দিন হিচাপে আখ্যা দিলে সংগঠনটোৱে । তাৰোপৰি, কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে হিন্দু যুৱ ছাত্ৰ পৰিষদে । এন আৰ চি কৰ্তৃপক্ষ আৰু চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিলে পৰিবেশ ৷ অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী বিভাগ উপস্থিত হৈ প্ৰতিবাদকাৰীক আটক কৰি লতাশিল আৰক্ষী থানালৈ লৈ যোৱা হয় ৷

ABOUT THE AUTHOR

...view details