অসম

assam

আঞ্চলিক ৰাজনৈতিক সমীকৰণ : সংগঠিত নহ'লে লাভান্বিত হ’ব নেকি বিজেপি !

By

Published : Sep 11, 2020, 8:02 PM IST

Updated : Sep 11, 2020, 8:56 PM IST

অৱশেষত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ মজিয়াৰ পৰা দ্বিতীয়টো আঞ্চলিক ৰাজনৈতিক দল গঠনৰ মূল পৰ্ব শুকুৰবাৰৰ পৰা আৰম্ভ হয় । আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই এক সংবাদমেল যোগে পূৰ্বে গঠন কৰি দিয়া পৰামৰ্শদান কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰে । কমিটিৰ পৰামৰ্শ মতেই দল গঠন কৰাৰ বাবে দুজনীয়া আহ্বায়কক দায়িত্ব দিয়া হয় দল গঠন প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে ।

Equation of regional politics: BJP will benefit if it is not organized !
আঞ্চলিক ৰাজনীতিৰ সমীকৰণ : সংগঠিত নহ'লে লাভান্বিত হ’ব নেকি বিজেপি !

গুৱাহাটী, 11 ছেপ্তেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সুদীৰ্ঘ 35 বছৰৰ অন্তত আন এটা ৰাজনৈতিক দল গঠন হোৱাৰ খবৰে এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ প্ৰেক্ষাপটত এক বিশেষ মাত্ৰা প্ৰদান কৰিছে । দেখা যায়, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ জাতীয়তাবাদ,আঞ্চলিক চিন্তা চেতনা কিম্বা আত্মপৰিচয় সুনিশ্চিত কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ মজিয়াত যিমানবোৰ ৰাজনৈতিক দলে জন্ম লাভ কৰিছে তাৰ জন্মৰ আঁৰত আছে কেতবোৰ গণতান্ত্ৰিক সংগঠন কিম্বা বিদ্ৰোহী সংগঠন ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত বৰ্তমান সক্ৰিয় হৈ সংসদীয় ৰাজনীতিত ব্যস্ত থকা অসম গণ পৰিষদ (অসম), ইউনাইটেড ডেম'ক্ৰেটিক পাৰ্টি (মেঘালয়),নেশ্য়নেল পিপ'লছ পাৰ্টি (মেঘালয়),নগা পিপ'লছ ফন্ট (নগালেণ্ড),মিজো নেশ্যনেল ফন্ট (মিজোৰাম),পিপ'লছ পাৰ্টি অফ্ অৰুণাচল(অৰুণাচল প্ৰদেশ),হিলছ ষ্টেট পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টি (মেঘালয়),বড়োলেণ্ড পিপ'লছ ফ'ন্ট (অসম),মণিপুৰ ডেম'ক্ৰেটিক পিপ'লছ ফন্ট (মণিপুৰ),ইউ পি পি এল (অসম)ইত্যাদি

অসম গণ পৰিষদ

এনে আঞ্চলিক ৰাজনৈতিক দল সমূহে বিভিন্ন সময়ত ভিন্ন ৰাজনৈতিক সমীকৰণ আৰু উত্থান পতনেৰে অঞ্চলটোত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আশা কৰা হৈছে যে আছুৰ প্ৰযত্নত অহা 15 ছেপ্তেম্বৰত নাম ঘোষিত হ’বলগীয়া নতুন আঞ্চলিক দলটোৱে ৰাইজৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰি আগবাঢ়িবলৈ সক্ষম হ’ব ।

আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সংবাদমেল

নগালেণ্ড,মণিপুৰৰ দৰে ৰাজ্যই যিদৰে স্বাধীনতাৰ বহু আগৰে পৰাই স্ব-অধিকাৰৰ সংগ্ৰাম অব্যাহত ৰাখিছে ঠিক সেইদৰে অসমতো বৃটিছৰ শাসনৰ সময়তে জাতীয়তাবাদী চেতনাৰ উন্মেষ ঘটিছিল । তেজপুৰ,নগাঁও মুখ্য কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত সংগঠিত ৰায়ত সভাবোৰ আছিল আঞ্চলিক আৰু জাতীয় চিন্তা চেতনাৰ মঞ্চ । একেদৰে জাতীয় চেতনাৰ বীজ অংকুৰিত হৈছিল যোৰহাট সাৰ্বজনীন সভাৰ দৰে সংগঠনৰ যোগেদি । অতি লক্ষ্য়ণীভাৱে যোৰহাট সাৰ্বজনীন সভা গঠন হৈছিল 1884 চনত আৰু তাৰ এশ বছৰৰ পিছতহে অসমৰ মাটিত ছয় বছৰীয়া এক ব্যাপক আন্দোলনে জন্ম দিয়া আঞ্চলিক দল অসম গণ পৰিষদে ৰাজ্যৰ শাসন ভাৰ ল’বলৈ সক্ষম হৈছিল । দল গঠন আৰু শাসন আজুৰি অনাৰ ক্ষেত্ৰত সাধাৰণ জনৰ বলিষ্ঠ অংশগ্ৰহণ আছিল সফলতাৰ আধাৰ ।

আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজিৰ সংবাদমেলে আৰু এটা ৰাজনৈতিক দল ভূমিষ্ঠ হোৱাৰ বাৰ্তা দিয়াৰ লগে লগে স্বাভাৱিকতেই ৰাজ্য ৰাজনীতিত এক নতুন সমীকৰণ আৰম্ভ হ’ল। এই মূহুৰ্তত স্বাভাৱিকতেই উত্থাপিত হৈছে এই দল গঠন প্ৰক্ৰিয়াত সাধাৰণ জনৰ অংশগ্ৰহণ আৰু গণভিত্তিৰ কথা ।

আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

এই দলত আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ভূমিকা কি হ’ব সেয়া এতিয়াও ৰহস্য আৱৰ্তত। আনহাতে বহুধাবিভক্ত হৈ পৰা আঞ্চলিকতাবাদী কিম্বা জাতীয়তাবাদী শিবিৰৰ আছুৰ এই নতুন দলে এখন মঞ্চত লগ লগাব পাৰিব নে নাই সেয়া এক ডাঙৰ প্ৰত্যাহ্বান । বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বৰ পৰা আছুয়ে দূৰত্ব ৰাখি চলা কাৰ্যই আঞ্চলিকতাবাদী শিবিৰক ক্ষতিগ্ৰস্ত কৰিব বুলি একাংশ নাগৰিকে মন্তব্য কৰিছে । এনে পৰিস্থিতিয়ে শাসকীয় দল বিজেপিক হে সহায় কৰিব বুলি আশংকা কৰা হৈছে ।

লগতে চাওক-অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডহীনতাঃ শংকিত খুমটাইবাসী

Last Updated : Sep 11, 2020, 8:56 PM IST

ABOUT THE AUTHOR

...view details