অসম

assam

ETV Bharat / city

ৰাজ্যত এনকেফেলাইটিছে বজাইছে মৃত্যু ঘণ্টা - জাপানী এনকেফেলাইটিছ

জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰপেটাত 5 দিনৰ ভিতৰতে মৃত্যু হ'ল 3 জনকৈ লোকৰ ৷ লগতে কৰিমগঞ্জতো এই পৰ্যন্ত এনকেফেলাইটিছ ৰোগত মৃত্যুৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে ৷ নলবাৰীত বৰ্তমানলৈ ১৩ জন লোক আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ জনৰ ৷ ইপিনে তেজপুৰত ৪১ জনৰ এই ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে 21 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ লখিমপুৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে 10 টাকৈ শিশু ৷

ৰাজ্যত এনকেফেলাইটিছে বজাইছে মৃত্যু ঘণ্টা

By

Published : Jul 2, 2019, 7:36 PM IST

Updated : Jul 3, 2019, 5:37 PM IST

গুৱাহাটী,2জুলাইঃ শেহতীয়াকৈ ৰাজ্যত বৃদ্ধি পাইছে এনকেফেলাইটিছ ৰোগীৰ সংখ্যা ৷ চৰকাৰী তথ্য মতে সমগ্ৰ ৰাজ্যতে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 28 জনলৈ । এই বছৰৰ তথ্য অনুসৰি অসমত সৰ্বমুঠ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল 100 জন ৷ উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ ৰোগত সৰ্বাধিক আক্ৰান্ত জিলা হৈছে কামৰূপ গ্ৰাম্য তাৰ পিছতে আছে যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ জিলা । চাওক এক প্ৰতিবেদনঃ

ৰাজ্যত এনকেফেলাইটিছে বজাইছে মৃত্যু ঘণ্টা
Last Updated : Jul 3, 2019, 5:37 PM IST

ABOUT THE AUTHOR

...view details