অসম

assam

ETV Bharat / city

এইবাৰ কেটেলিনা চেনেল সাঁতোৰাৰ লক্ষ্য এলভিছৰ

দুৰ্দান্ত প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা অসমৰ সাঁতোৰবিদ এলভিছ আলি হাজৰিকাই এইবাৰ সাঁতুৰি পাৰ হ'ব কেলিফৰ্নিয়াৰ কেটেলিনা চেনেল ৷ বিখ্যাত ইংলিছ ছেনেলত 29 কি.মি. সাঁতুৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰা সাঁতোৰবিদ গৰাকীয়ে মাত্ৰ 9 বছৰ বয়সতে এছিয়াৰ সাঁতোৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷

By

Published : Apr 27, 2019, 3:09 PM IST

ELVIS ALI TO CROSS CATALINA CHANNEL

গুৱাহাটী, 27 এপ্ৰিল: 21 তাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগকাৰী অসম সন্তান এলভিছ আলি হাজৰিকাই এইবাৰ সাঁতুৰি পাৰ হ'ব কেলিফৰ্নিয়াৰ কেটেলিনা চেনেল ৷ বিখ্যাত ইংলিছ ছেনেলত 29 কি.মি. সাঁতুৰি আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰা সাঁতোৰবিদ গৰাকীয়ে মাত্ৰ 9 বছৰ বয়সতে এছিয়াৰ সাঁতোৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৷ তেওঁৰ দখলত আছে 68 টাকৈ সৰ্বভাৰতীয় আৰু 6 টাকৈ আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক ৷ এই বিশাল প্ৰতিভাৰ অধিকাৰী দূৰ্দান্ত খেলুৱৈ গৰাকীয়ে কিন্তু বৰ্তমানলৈকে পোৱা নাই চৰকাৰৰ কোনো সাহায্য ৷

ELVIS ALI TO CROSS CATALINA CHANNEL

চৰকাৰী অনুদানৰ অবিহনেই পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে নিজকে সাজু কৰা সাঁতোৰবিদগৰাকীয়ে নিজৰ সাঁতোৰক অভি - নীলৰ স্মৃতিত উচৰ্গা কৰিব বুলি জনায় ৷ এই বৰ্ষৰ 15 আগষ্টত অনুষ্ঠিত হ'ব লগা সাঁতোৰৰ বাবে নিজ খৰছেৰে নিজকে প্ৰস্তুত কৰি তুলিছে তেওঁ ৷

ABOUT THE AUTHOR

...view details