অসম

assam

ETV Bharat / city

নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা নিৰ্বাচন আয়োগৰ - মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰে

সোমবাৰে অসমত আহি উপস্থিত হয় দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ নেতৃত্বত এটা শীৰ্ষস্তৰীয় প্ৰতিনিধি দল । দলটোৱে নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ সৈতে এখন বৈঠকত মিলিত হয় ৷

নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা নিৰ্বাচন আয়োগৰ
নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা নিৰ্বাচন আয়োগৰ

By

Published : Mar 22, 2021, 10:36 PM IST

গুৱাহাটী,২২ মাৰ্চ: ৰাজ্যৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ সোমবাৰে অসমত আহি উপস্থিত হয় দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ নেতৃত্বত এটা শীৰ্ষস্তৰীয় প্ৰতিনিধি দল । দলটোৱে পোনে-পোনে প্ৰথমে তেজপুৰত উপস্থিত হৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া জিলা সমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈয় আৰু নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে দলটোৱে ৷

নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা নিৰ্বাচন আয়োগৰ

বিয়লি নিৰ্বাচন আয়োগৰ দলটোৱে গুৱাহাটীত উপস্থিত হয় আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাৰেৰ সৈতে আন এখন বৈঠকত মিলিত হৈ প্ৰস্তুতিৰ বুজ লয় । মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল অৰোৰাৰ নেতৃত্বত অহা আয়োগৰ এই দলটোত আছে আয়োগৰ সচিব প্ৰধান উমেশ সিনহা, সঞ্চালক প্ৰধান ধৰ্মেন্দ্ৰ শৰ্মা, পি আই বিৰ অতিৰিক্ত সঞ্চালক তথা নিৰ্বাচন আয়োগৰ মুখপাত্ৰ শেফালী বি চৰণকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া ।

অন্য এক খবৰৰ বাবে: শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী সোণোৱালৰ

ABOUT THE AUTHOR

...view details