নিউজ ডেস্ক, 20 জানুৱাৰী :গুৱাহাটীত আজি সংবাদমেল সম্বোধন কৰিছে দেশৰ নিৰ্বাচন আয়োগে ৷ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা নিৰ্বাচন আয়োগৰ দলটোৱে ৰেডিশ্যন ব্লুত সংবাদমাধ্যমক সম্বোধন কৰে ৷ 3 দিনীয়া পৰ্যালোচনা বৈঠকৰ অন্তত আজি সংবাদমাধ্যমক সম্বোধন কৰে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰাই ৷ সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে নিৰ্বাচন আয়ুক্ত, মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়ে তথা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷
লগতে পঢ়ক :প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা
মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰা আৰু ৰাজীৱ কুমাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল ৷ ইয়াৰ পিচতেই অসমৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত বহুকেইখন বৈঠকত অংশগ্ৰহণ কৰিছিল দলটোৱে ৷ ইয়াৰ মাজতেই অসমৰ চূড়ান্ত ভোটাৰ তালিকাও প্ৰকাশ হৈছিল ৷ 2021ৰ চূড়ান্ত ভোটাৰ তালিকাত 2.46 শতাংশ ভোটাৰ বৃদ্ধি হৈছে অসমত ৷ প্ৰকাশিত ৰাজ্যৰ ভোটাৰ তালিকাত অন্তৰ্ভূক্ত হৈছে মুঠ ২,২৯,৯২,৫০৫ গৰাকী ভোটাৰ আৰু ইয়াৰ ভিতৰত ১,১৬,৫৬,৯২৬ জন পুৰুষ তথা ১,১৩,৩৫,৫৭৯ গৰাকী মহিলা ভোটাৰ আছে ।