গুৱাহাটী, 30 ডিচেম্বৰ :শীতৰ হাড় কঁপোৱা ঠেৰেঙা লগা জাৰৰ মাজতো নিৰ্বাচনী বতাহত গৰম হৈছে দেৱদাৰু নগৰীৰূপে খ্যাত ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ চৌহদ (Cotton University Election 2022) । গৰিমা মণ্ডিত উচ্চ শিক্ষানুষ্ঠাখনত ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী কাউণ্ট-ডাউন ।
4 জানুৱাৰীত অনুষ্ঠিত হ'বলগা (Cotton University Election will be held on 4th January) কটন ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে বুধবাৰে দাখিল কৰে মনোনয়ন ৷ বৃহস্পতিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ৷
বুধবাৰে বিশ্ববিদ্যালয়ৰ মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাস, সীতানাথ ব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাস, ৰজনীকান্ত বৰদলৈ ছাত্ৰাৱাসৰ পৃথকে পৃথকে নিজ নিজ সমৰ্থিত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ সময়ত ডবা, ঢোল, তালৰ শব্দত পাণবজাৰত সৃষ্টি হয় উৎসৱমুখৰ পৰিৱেশ ৷