অসম

assam

ETV Bharat / city

আজি ৬ বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ - লামডিং, হোজাই

মঙলবাৰে ৬ বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ পহিলা এপ্ৰিলত ৰাজ্যৰ ৩৯ টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ।

মংগলবাৰে ৬ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ
মংগলবাৰে ৬ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ

By

Published : Mar 30, 2021, 12:37 PM IST

গুৱাহাটী,৩০ মাৰ্চ:পহিলা এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন ৷ জন প্ৰতিনিধিত্ব আইন ১৯৫১ ৰ ১২৬ নং ধাৰা অনুসৰি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰ শেষ কৰিবলৈ ইতিমধ্যে নিৰ্বাচনী আয়োগে নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি, ১ এপ্ৰিলত ৩৯ টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ক্ষেত্ৰতো আজি সন্ধিয়া ৬ বজাত দল আৰু প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ সমাপ্ত কৰিব লাগিব । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব লগা ঠাইসমূহত অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ সভা-সমিতি তথা শোভাযাত্ৰা ।

আজি ৬ বজাত অন্ত পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে, ৰেডিঅ’, টেলিভিছন তথা গণ মাধ্যমৰ যোগেদিও কৰিব নোৱাৰিব কোনো ধৰণৰ প্ৰচাৰ । তদুপৰি ভোটাৰক আকৰ্ষিত কৰা মনোৰঞ্জনধৰ্মী অনুষ্ঠানো আয়োজন কৰিব নোৱাৰিব কোনো দল বা প্ৰাৰ্থীয়ে । এই সময়ছোৱাত নিৰ্বাচনৰ ফলাফলৰ পূৰ্বানুমানো প্ৰকাশ কৰিব নোৱাৰিব । সকলো পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতহে ঘোষণা কৰিব পাৰিব এগজিট প’ল । নিষেধাজ্ঞা উলংঘা কৰিলে জৰিমনাৰ লগতে দুবছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে ।

আনহাতে, ভোটগ্ৰহণৰ দিনৰ পূৰ্বৰ ৭২ ঘণ্টা আৰু ভোটগ্ৰহণৰ দিনা বাইক ৰেলী উলিওৱাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে নিষেধাজ্ঞা জাৰি কৰিছে । সেই অনুসৰি ৩৯ টা সমষ্টিত সোমবাৰে সন্ধিয়া ৬ বজাৰ পৰা বাইক ৰেলী অনুষ্ঠিত কৰাত বাধা আৰোপ কৰা হৈছে । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৩৯ টা সমষ্টি হৈছে- লামডিং, হোজাই, যমুনামুখ, বঢ়মপুৰ, নগাঁও, ৰহা, লাহৰীঘাট, মৰিগাঁও, জাগীৰোড, মাজবাট, ওদালগুৰি, দলগাঁও, মঙলদৈ, ছিপাঝাৰ, কলাইগাঁও, পানেৰী, নলবাৰী, ৰঙিয়া, কমলপুৰ, বৈঠালাংছ', ডিফু, হাওৰাঘাট, বোকাজান, হাফলং, কাটিগড়া, বৰখোলা, লক্ষীপুৰ, উদাৰবন্দ, ধলাই, সোণাই, শিলচৰ, আলগাপুৰ, কাটলিচেৰা, হাইলাকান্দি, বদৰপুৰ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, পাথাৰকান্দি আৰু ৰাতাবাৰী ।

উল্লেখ্য যে,দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৩৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে । ইয়াৰ ভিতৰত আছে ৩৭,৩৪,৫৩৭ জন পুৰুষ আৰু ৩৬,০৯,৯৫৯ গৰাকী মহিলা আৰু ১৩৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

লগতে পঢ়কঃপ্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাকক্ষণত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details