গুৱাহাটী, 8 জুলাই:ইছলাম ধৰ্মী ৰাইজৰ ঈদ-উল-আজহা বা বকৰি ঈদলৈ মাজত মাত্ৰ এদিন থকাৰ সময়তে এই ঈদত গো-মাংসৰ ওপৰত চৰকাৰে প্ৰত্যক্ষভাৱে অনা নিষেধাজ্ঞাই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Assam govt issued directives on sacrifice of Eid-ul-Adha)। বিজেপি নেতৃত্বাধীন হিন্দুত্ববাদী চৰকাৰখনে ইছলাম ধৰ্মী লোকসকলৰ বকৰি ঈদৰ কুৰ্বানিৰ (Kurbani In Eid-Ul-Adha)ওপৰত কৰা হস্তক্ষেপে হিন্দু আৰু মুছলমানৰ মাজৰ সম্পৰ্কৰ দূৰত্ব অধিক বৃদ্ধি কৰিব বুলি চৰ্চিত হৈছে ।
উল্লেখযোগ্য যে, অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব কে কে শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকললৈ এক নিৰ্দেশনা (PLB. 207/2017/155) প্ৰেৰণ কৰে ৷ এই নিৰ্দেশনাত অহা দহ জুলাইত অনুষ্ঠিত হ’বলগীয়া বকৰি ঈদৰ দিনা যাতে কোনো ঠাইতে গো-হত্যা হ'ব নোৱাৰে সেই কথা নিশ্চিত কৰিবলৈ কয় (Assam govt bans on Kurbani)। গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটিয়া সচিব গৰাকীয়ে সাক্ষৰ কৰা এই নিৰ্দেশত উল্লেখ কৰা হয়, আজিৰে পৰা প্ৰায় এমাহৰ আগতেই কেন্দ্ৰীয় চৰকাৰৰ পশুপালন বিভাগ আৰু ৰাষ্ট্ৰীয় পশু কল্যাণ পৰিষদৰ পৰা অসম চৰকাৰৰ মুখ্য সচিবলৈ অহা এক নিৰ্দেশৰ কথা ।
পশু পালন আৰু দুগ্ধ মন্ত্ৰণালয়ৰ পৰা ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ অহা এই নিৰ্দেশটো স্বাক্ষৰিত হৈছিল ৭ জুন ২০২২ ত । নিৰ্দেশনা নং ৯-২/২০১৯-২০/PSA ত ১০ জুলাইৰ বকৰি ঈদৰ কথা লৈ আঙুলিয়াই স্পষ্টভাৱে কোৱা হৈছে যে, পশুধন কল্যাণৰ বাবে থকা নীতি-নিৰ্দেশনা আৰু 'Prevention of Cruelty to Animals Act 1960' অনুসৰি বকৰি ঈদৰ সময়ত গৰু আৰু উটকে মুখ্য কৰি জীৱ-জন্তুৰ সুৰক্ষাৰ ব্যৱস্থা ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে নিশ্চিত কৰিব লাগে ।
এই নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে যে, জীৱ-জন্তুৰ সুৰক্ষাৰ বিষয়ক নিশ্চিত কৰাৰ কথা ভাৰতীয় সংবিধানৰ ৪৮, ৪৮(এ), আৰু ৫১ (এ) জি অধ্যায়ে স্পষ্ট ভাবে কৈছে । গতিকে, সংশ্লিষ্ট আইন আৰু ভাৰতীয় সংবিধানৰ নীতি নিৰ্দেশনাক মানি চলিবলৈ প্ৰতি গৰাকী ভাৰতীয় বাধ্য আৰু প্ৰশাসনেও সেই কথা নিশ্চিত কৰিব লাগিব ।
প্ৰণিধানযোগ্য যে, গো-সুৰক্ষাৰ বিষয়টো নিশ্চিত কৰাৰ বাবে ২০২১ চনত অসম চৰকাৰে বিধানসভাৰ মজিয়াত ‘‘The Assam Cattle Prevention Act 2021’’ খন গৃহীত কৰে । ৰাজ্যৰ ৰাজ্যপাল গৰাকীয়ে ২০২১ চনৰ ৯ ছেপ্টেম্বৰত এই বিলত সাক্ষৰ প্ৰদান কৰাৰ পিছতে ১৬ ছেপ্টেম্বৰত বিষয়টোৱে আইনৰ ৰূপ লয় । এই বিল বিধানসভাৰ মজিয়াত উত্থাপন হোৱাৰ পিছতে দীঘলীয়া বিতৰ্ক হৈছিল যদিও আইন পাছ হোৱাৰ পিছত বিষয়টোক লৈ বিতৰ্কৰো অৱসান হৈছিল ।