গুৱাহাটী, ১৮ আগষ্ট: মাতৃভাষাৰ বিদ্যালয়ত ইংৰাজীত পাঠদান দিয়াৰ বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰা সংগঠন কেইটাৰে আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় (Four organizations meet Ranuj pegu for medium controversy)। জনতা ভৱনত শিক্ষামন্ত্রীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰে (Meeting over medium controversy in Assam) ।
তিনি ঘণ্টাজুৰি চলা আলোচনাত কিন্তু কোনো সমাধান সূত্র নোলাল । বৈঠকত চৰকাৰৰ লগতে সংগঠন কেইটাৰ ফালৰ পৰা নিজৰ স্থিতি স্পষ্ট কৰা হয় যদিও কোনো সহমতত উপনীত নহ'ল । এক কথাত আজিৰ বৈঠকখন কাৰ্যত সফল নহ'ল । যাৰ পৰিপ্ৰেক্ষিতত এমাহৰ ভিতৰত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু সংগঠন কেইটাৰে পুনৰ আলোচনাত মিলিত হ'ব (Discussion on medium controversy)।
উল্লেখ্য যে, অসম চৰকাৰে কেবিনেটত শিক্ষা বিষয়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিৰোধিতা কৰি চৰকাৰক যৌথ স্মাৰক-পত্ৰ প্ৰদান কৰিছিল আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই । তাৰ পৰিপ্ৰেক্ষিতত আজি চাৰিওটা সংগঠনৰ সৈতে শিক্ষা মন্ত্ৰীয়ে জনতা ভৱনত আলোচনাত মিলিত হয় (Four organizations on medium controversy) ।
ৰাজ্য চৰকাৰে কেবিনেটত শিক্ষা বিষয়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহে অসমীয়া, বড়ো আৰু মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ লগতে এই ভাষা কোৱা মানুহৰ ক্ষতি কৰিব বুলি সংগঠনকেইটাই আপত্তি দৰ্শাইছিল । ১ আগষ্টত সংগঠনকেইটাই গুৱাহাটীত এক আলোচনাত মিলিত হোৱাৰ পাছত এলানি কর্মপন্থা নিৰূপণ কৰিছিল । সেই অনুসৰি সংগঠনকেইটাই যৌথ সভাত গ্ৰহণ কৰা সিদ্ধান্তসমূহ জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মালৈ ৫ আগষ্টত যৌথ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ।
উক্ত স্মাৰক-পত্ৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আজি অসম সচিবালয়ৰ এফ ব্লকত শিক্ষা বিভাগে এখন বৈঠক অনুষ্ঠিত কৰে । বৈঠকৰ অন্তত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে, আজিৰ বৈঠকত কোনো সিদ্ধান্ত নহ'ল যদিও আৰু বিশদভাৱে আলোচনা কৰাৰ বাবে এমাহৰ ভিতৰত পুনৰ বৈঠক অনুষ্ঠিত হ'ব । গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰা সন্দৰ্ভত আলোচনা হয় যদিও কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নগ'ল (English medium controversy in Assam) ।
সংগঠনসমূহে মাতৃভাষা মাধ্যমত শিক্ষাৰ মান উন্নত কৰি গুণগত শিক্ষা প্ৰদানত গুৰুত্ব আৰোপ কৰে । এইক্ষেত্রত আমাৰ চৰকাৰ একমত বুলি তেওঁ কয় । ইংৰাজী ভাষাৰ জ্ঞান দিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সংগঠন কেইটাই আহ্বান জনাইছে । আনহাতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি দুৰ্বল হৈ থকাৰ কথাও সংগঠনসমূহে সদৰি কৰে বুলি তেওঁ কয় । এইক্ষেত্রত চৰকাৰে ইতিমধ্যে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ বাবে ১০ হাজাৰ কোটি টকা ধাৰ্য কৰা বুলি সংগঠনসমূহক জনায় শিক্ষামন্ত্ৰীয়ে ।