গছৰ গুটিৰে স্বাৱলম্বিতাৰ নতুন পথ এগৰাকী মহিলাৰ - বৰলহত ইণ্ডিয়ান ইনষ্টিটিউট অব ইণ্টাৰপ্ৰেনাৰশ্বিপ
গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিৰ মিতালী বৈশ্যই গছৰ গুটিৰে স্বাৱলম্বিতাৰ দেখুৱালে নতুন পথ,তেঁতেলী গছৰ গুটি, কৃষ্ণচূড়াৰ গুটি, বকুলৰ গুটিৰে মিতালীয়ে প্ৰস্তুত কৰে জুৱেলাৰী,বেগ ৷
গুৱাহাটী,9 জুন : গছৰ গুটিৰে স্বাৱলম্বিতাৰ পথ দেখুৱালে গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিৰ মিতালী বৈশ্যই । গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱা মিতালীৰ মন নিজাববীয়াকৈ ব্যৱসায় কৰাৰ । যাৰ বাবে মিতালীয়ে বৰলহত ইণ্ডিয়ান ইনষ্টিটিউট অব ইণ্টাৰপ্ৰেনাৰশ্বিপৰ অধীনত 20 দিনৰ এক কৰ্মশালাত অংশ গ্ৰহণ কৰে । কৰ্মশালাত তেওঁ কৃত্ৰিম জুৱেলাৰী প্ৰস্তুত কৰণৰ এক প্ৰশিক্ষণ লয় আৰু প্ৰশিক্ষণৰ পাছত নিজ হাতেৰে তেঁতেলী গছৰ গুটিৰ পৰা আৰম্ভ কৰি কৃষ্ণচূড়াৰ গুটি, বকুলৰ গুটিৰে প্ৰস্তুত কৰিবলৈ লয় বিভিন্ন জুৱেলাৰী,বেগ আদি সামগ্ৰীসমূহ । 2000 টকাৰে এই জৈৱিক জুৱেলাৰীৰ ব্যৱসায় আৰম্ভ কৰা মিতালিয়ে সামগ্ৰীসমূহ নিৰ্মাণত ব্যৱহাৰ কৰা গুটিবোৰ গছৰ তলে-তলে গৈ সংগ্ৰহ কৰিছিল । মিতালীয়ে আনকি বহি:ৰাজ্যৰ বিভিন্ন ঠাইৰ বাণিজ্য মেলাতো কৰিছে অংশগ্ৰহণ । মিতালীৰ স্বাৱলম্বীতাৰ এই পথে মহিলাসকলৰ লগতে নিৱনুৱাসকলকো দিছে এক আদৰ্শ ।