অসম

assam

ETV Bharat / city

এনফৰ্চমেন্ট ডাৰেক্টৰেটে প্ৰদান কৰিব দুলাল বৰা গোচৰৰ তথ্য - ইটোৰ পাচত সিটো গোচৰত সাঙুৰ খাই পৰিছে দুলাল বৰা

ইটোৰ পাচত সিটো গোচৰত সাঙুৰ খাই পৰিছে RTI কৰ্মী দুলাল বৰা ৷ নিজে গোচৰ তৰি এতিয়া বিপদত পৰিছে বৰা ৷

RTI কৰ্মী
দুলাল বৰা

By

Published : Feb 6, 2020, 1:33 AM IST

গুৱাহাটী, 5 ফেব্ৰুৱাৰীঃ বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে উচ্চ ন্যায়ালয়ত নিজে তৰা গোচৰক লৈ বিপদত পৰিছে RTI কৰ্মী দুলাল বৰা ৷ বৰ্তমান দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তথ্য বিচাৰিছে উচ্চ ন্যায়ালয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা সুভাষ চন্দ্ৰ পায়েলে জানিবলৈ দিয়া অনুসৰি, অসম চৰকাৰে ইতিমধ্যে দুলাল বৰাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তথ্য প্ৰদান কৰিছে ৷

আনহাতে, এনফ’ৰ্চমেন্ট ডাৰেক্টৰেটেও দুলাল বৰাৰ বিৰুদ্ধে চলোৱা গোচৰৰ তথ্য দাখিল কৰিব ৷ উল্লেখ্য যে, বহু আপত্তিজনক নথি-পত্ৰ, বেনামি সম্পত্তি আৰু বহুকেইটা গোচৰৰ ভিত্তিত আটক কৰা হৈছিল দুলাল বৰাক ৷ আনহাতে, বহু চৰকাৰী বিষয়াক ধন দাবী কৰাৰ লগতে বহু বে-আইনী কাৰ্যকলাপৰ সৈতে জড়িত আছিল দুলাল বৰা ৷ এতিয়া এটাৰ পাচত আনটো গোচৰৰ ভিত্তিত আইনী আবেষ্টনীৰ মাজত সোমাই পৰিছে RTI কৰ্মীগৰাকী ৷

আনহাতে, বৰ্তমানলৈ ইডিত গোচৰ ৰুজু হোৱা নাই যদিও সকলো তথ্য সংগ্ৰহৰ পাচতে দুলাল বৰাৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু হ'ব বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক : মোডী অসৎ ব্যক্তি নহয়, মন্ত্ৰীসকলক নিয়ন্ত্ৰণত ৰখা উচিত : বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

...view details