নেশ্যনেল ডেস্ক,23 জুলাই: অৱশেষত গ্ৰেপ্তাৰ হ'ল পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেৰ্টাজী(ED Arrests Partha) ৷ শুকুৰবাৰৰ পুৱাৰ ভাগৰ পৰাই এনফৰ্চমেন্ট ডিৰেক্টৰেটৰ এটি দলে আৰম্ভ কৰিছিল অভিযান ৷ পশ্চিমবংগ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা ব'ৰ্ডত নিযুক্ত কেলেংকাৰীৰ সৈতে জড়িত বিভিন্ন চৌহদত অনুসন্ধান চলাই Enforcement department চমুকৈ ED য়ে ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেৰ্টাজীৰ ঘনিষ্ঠৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বহু আপত্তিজনক তথ্য(ED raid in WB) ৷
প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখোপাধ্যায়ৰ গৃহৰ পৰা ED য়ে উদ্ধাৰ কৰে 20 কোটি টকাৰ লগতে কেইবাটাও ম'বাইল ফোন আৰু একাধিক আপত্তিজনক নথি-পত্ৰ ৷ অৰ্পিতা মুখোপাধ্যায়ৰ ঘৰৰ পৰা ED য়ে উদ্ধাৰ কৰা বিশাল ধনৰাশিৰ সৈতে এচ এচ চি দুৰ্নীতি নিয়োগকাণ্ডৰ প্ৰত্যক্ষ সংযোগ আছে বুলি ED য়ে সম্ভাৱনীয়তা ব্যক্ত কৰিছে (SSC Recruitment Scam investigation)৷