গুৱাহাটী,15 মেঃ কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা 20 লাখ কোটি টকাৰ বিশেষ পেকেজ সন্দৰ্ভত বিশিষ্ট অৰ্থনীতিবিদ গৌতম মজুমদাৰৰ মন্তব্য । ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অৰ্থনীতিবিদ গৰাকীয়ে কয় যে, জিডিপিৰ শতাংশ হিচাপে এইটো পৃথিৱীৰ ভিতৰত ষষ্ঠ সৰ্ববৃহৎ বিত্তীয় পেকেজ । এই পেকেজৰ দ্বাৰা দেশৰ অৰ্থনীতি টনকিয়াল হোৱাৰ সম্ভাৱনা আছে । এই পেকেজৰ প্ৰধান লক্ষ্য আত্মনির্ভৰশীল ভাৰত অভিযান । আন্তৰ্জাতিক বাণিজ্য ক্ষেত্ৰখনত নিজ ভৰিত ভাৰত বৰ্ষক থিয় কৰোৱাই এই পেকেজৰ প্ৰয়াস বুলি জানিব দিয়ে অৰ্থনীতিবিদ গৰাকীয়ে ।
কেন্দ্ৰৰ 20 লাখ কোটি পৃথিৱীৰ ভিতৰত ষষ্ঠ সৰ্ববৃহৎ বিত্তীয় পেকেজঃ গৌতম মজুমদাৰ - autam Mazumdar
20 লাখ কোটি টকাৰ বিশেষ পেকেজ সন্দৰ্ভত বিশিষ্ট অৰ্থনীতিবিদ গৌতম মজুমদাৰৰ মন্তব্য ।

কেন্দ্ৰৰ 20 লাখ কোটি টকাৰ পেকেজটো পৃথিৱীৰ ভিতৰত ষষ্ঠ সৰ্ববৃহৎ বিত্তীয় পেকেজঃ গৌতম মজুমদাৰ
ইটিভি ভাৰতৰ সৈতে অৰ্থনীতিবিদ গৌতম মজুমদাৰৰ সাক্ষাৎকাৰ