গুৱাহাটী,৩১ মে’ :ড্ৰাগছ, গাঞ্জা, সুৰা অথবা ধঁপাত; মুঠতে নিচাৰ ৰাগিত মাতাল হৈ পৰিছে ৰাজ্যৰ একাংশ যুৱ প্ৰজন্ম (Drugs in Assam)৷ অক্টোপাছৰ দৰেই নিচাই গ্ৰাস কৰিছে এওঁলোকক, যাৰ ভয়াৱহতা বহু সময়ত পোহৰলৈ অহা পৰিলক্ষিত হৈছে ৷ ড্ৰাগছৰ শিপাডাল ৰাজ্যত ইমানেই গভীৰলৈ শিপাইছে যে, বহু চেষ্টা কৰিও ইয়াক উভালি পেলাব পৰা হোৱা নাই ৷ যুৱক-যুৱতী, মহিলা আনকি শিশুকো জড়িত কৰোৱা হৈছে ৰাজ্যত নিচা বিলাই দিয়া মেলা কাৰ্যত ৷ নিচাৰ বাবেই এক ভয়ংকৰ ভৱিষ্যতৰ দিশে গতি কৰিছে ৰাজ্যৰ এটা প্ৰজন্ম (Drugs supply in Assam)৷
2021 চনত শাসনৰ গাদীত উঠিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ড্ৰাগছৰ বিৰুদ্ধে জেহাদ (Himanta Biswa Sarma against drugs)৷ ৰাজ্যৰ আৰক্ষী বিভাগেও এই সিদ্ধান্তৰ প্ৰতি সহযোগিতা আগবঢ়াই জিলাই জিলাই জোৰদাৰ কৰি তুলিলে ড্ৰাগছ বিৰোধী অভিযান ৷ নিতৌ ভিন্ন স্থানত উদ্ধাৰ হ’বলৈ ল’লে ড্ৰাগছ, গাঞ্জা আদি ৷ ইয়াৰ লগে লগে ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত আৰম্ভ হ’ল এখন যুদ্ধ (Anti drugs operation in Assam) ৷ আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিলে অস্ত্ৰৰে ৷ বিগত এটা বছৰত ৰাজ্যত সংঘটিত এনকাউন্টাৰ সমূহৰ বেছি সংখ্যকেই আছিল ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে (Assam police encounter) ৷
কিন্তু তথাপিও যেন কৰ’বাত সুৰুঙা ৰৈ গৈছে ৷ যাৰ বাবে এতিয়াও ৰাজ্যত ড্ৰাগছৰ সৰবৰাহ অবিৰত গতিত চলি আছে ৷