অসম

assam

ETV Bharat / city

মহানগৰীৰ বীৰকুচিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ - GIT

মহানগৰীৰ বীৰকুচিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ৷ বিৰকুচিৰ এটা বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জব্দ কৰে বহু আপত্তি জনক সামগ্ৰী ।

Drugs recover from beerkuchi
মহানগৰীৰ বীৰকুচিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

By

Published : Jun 8, 2021, 8:01 PM IST

গুৱাহাটী, 8 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে হেৰ’ইনৰ লগতে বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী ৷ মঙলবাৰে গুৱাহাটী মহানগৰৰীৰ বীৰকুচিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে মহানগৰ আৰক্ষীয়ে ৷

মহানগৰীৰ বীৰকুচিত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ড্ৰাগছৰ লগতে আটক কৰে সৰবৰাহকাৰী মাধুৰ্য দত্ত ওৰফে পিংকুক ৷ সৰবৰাহকাৰী ব্যক্তিজনে নিজকে চান্দমাৰীস্থিত জি আই টি (GIT) প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বুলি পৰিচয় দিছিল আৰক্ষীক। জানিব পৰা মতে পিংকু নামৰ ব্যক্তিজনে বিৰকুচিস্থিত তেওঁৰ পত্নীৰ বাসগৃহৰ পৰা চলাই আহিছিল ড্ৰাগছৰ বেহা ।

অসম আৰক্ষী বিশেষ অভিযানকাৰী দলে চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান ।

লগতে পঢ়ক :অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতিত বন বিভাগ

ABOUT THE AUTHOR

...view details