গুৱাহাটী,২৪ জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs mission) ৷ বিভিন্ন জিলাত আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে ড্ৰাগছ জব্দ কৰাৰ লগতে এই ব্যৱসায়ত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে ইয়াৰ পাছতো একাংশ দুষ্টচক্ৰই বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাজ্যত মাৰাত্মক ড্ৰাগছৰ বেহা অব্যাহত ৰাখিছে । যাৰ বাবে অসম আৰক্ষী পুনৰ এই ক্ষেত্ৰত কঠোৰ হৈছে ।
এইবাৰ গুৱাহাটী পৌৰ নিগমৰ (Guwahati Municipal Corporation) আৱৰ্জনা কঢ়িওৱা ট্ৰাক চালকৰূপত ধৰা পৰে এটা ড্ৰাগছ ব্যৱসায়ী ৷ দেওবাৰে সাতগাঁও আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সাতগাঁও আৰক্ষীয়ে দেওবাৰে অভিযান চলাই সাতগাঁও নোৱাপাৰা ঈদগাহ মছজিদৰ সমীপৰ পৰা ৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰে (Drug seized by Satgaon Police) ৷