গুৱাহাটী, 29 মেঃ লকডাউনৰ মাজতো গুৱাহাটী মহানগৰীত অব্যাহত আছে মাৰাত্মক ড্ৰাগছ সৰবৰাহ । নিশা জালুকবাৰী আৰক্ষীৰ জালত পৰে এটা দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী । এক গোপন সূত্ৰৰ পম খেদি জালুকবাৰী আৰক্ষীয়ে মালিগাঁৱৰ পৰা আটক কৰে সৰবৰাহকাৰীটোক । ধৃত সৰবৰাহকাৰীটোৰ নাম যদু দাস । ড্ৰাগছ বিক্ৰী কৰিব আহোতেই হাতে-লোটে ধৰা পৰে সৰবৰাহকাৰীটো ।
মহানগৰীত হোম ডেলিভাৰী, ড্ৰাগছৰ - Drug paddler arrested by Police at Guwahati
নিশা জালুকবাৰী আৰক্ষীৰ জালত পৰে এটা দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী । এক গোপন সূত্ৰৰ পম খেদি জালুকবাৰী আৰক্ষীয়ে মালিগাঁৱৰ পৰা আটক কৰে সৰবৰাহকাৰীটোক ।
![মহানগৰীত হোম ডেলিভাৰী, ড্ৰাগছৰ ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7389228-thumbnail-3x2-gu.jpg)
জালুকবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী
জালুকবাৰী আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী
যদু দাসৰ পৰা জালুকবাৰী আৰক্ষীয়ে জব্দ কৰে ৩০০ মিঃগ্ৰাঃ ড্ৰাগছ, এখন চাৰিচকীয়া বাহন আৰু কিছু আপত্তিজনক সামগ্ৰী । দীৰ্ঘদিন ধৰি ধৃত যদুৱে মহানগৰীৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ হোম ডেলিভাৰী দি আহিছিল । মহানগৰ আৰক্ষীৰ ম'ষ্ট ৱান্টেডৰ তালিকাটো আছে এই দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীৰ নাম ।
Last Updated : May 29, 2020, 1:41 PM IST