অসম

assam

ETV Bharat / city

মহানগৰীত চাৰিশ ড্ৰাইভাৰ হেণ্ডিমেনৰ শপতগ্ৰহণ ! - Road safety

পৰিবহণ বিভাগৰ এই কাৰ্যসূচীয়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোককে সজাগ কৰিব বুলি আশা কৰা হৈছে ৷

শপত গ্ৰহণৰ সৱিশেষ

By

Published : Oct 3, 2019, 3:58 PM IST

গুৱাহাটী, ৩ অক্টোবৰ : পথ দুৰ্ঘটনা আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত লবলগীয়া সজাগতা, সচেতনতা সন্দৰ্ভত সমল যোগোৱাৰ লক্ষ্যৰে ৰাজ্যৰ পৰিবহণ বিভাগৰ উদ্যোগত গুৱাহাটী মহানগৰ আৰু কামৰূপ জিলাৰ প্ৰায় চাৰিশ গৰাকী ড্ৰাইভাৰ, হেণ্ডিমেনৰ মাজত "সক্ষমতা বৃদ্ধি " শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয় ৷ পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ নেতৃত্বত, পৰিবহণ বিষয়া গৌতম দাস, অৰুণ কুমাৰ বৰা আৰু বাপন কলিতাৰ উদ্যোগত গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠানটি ৷ পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে নিজৰ ভাষণৰ মাজতে "হেলমেট পিন্ধিহে বাইক চলাম", "চীটবেল্ট পিন্ধিহে গাড়ী চলাম", "মদ্যপান কৰি কেতিয়াও গাড়ী নচলাও" আদি বিভিন্ন শপত বাক্য পাঠ কৰাই অনুষ্ঠানত অংশগ্ৰহণ কৰা চাৰি শতাধিকৰো অধিক ড্ৰাইভাৰ-হেণ্ডিমেনক পথ সুৰক্ষাৰ ক্ষেত্ৰত নিজৰ সামৰ্থ সন্দৰ্ভত গভীৰ আত্মবিশ্বাসী কৰি তোলাৰ লগতে প্ৰতিশ্ৰুতিবদ্ধ হবলৈ অনুপ্ৰাণিত কৰে ৷

কামৰূপ জিলাৰ পৰিবহণ বিষয়া গৌতম দাসে আদৰণি ভাষণ আগবঢ়োৱা মনোজ্ঞ অনুষ্ঠানটিত গুৱাহাটী মহানগৰ জিলাৰ পৰিবহণ বিষয়া অৰুণ কুমাৰ বৰাই শলাগৰে সামৰণি ভাষণ দিয়ে ৷ উল্লেখ্য যে, এই অনুষ্ঠানটিৰ পিছতেই মহানগৰীৰ দীঘলী পুখুৰীত এক সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হয় ৷ ৰাজ্যত বিভিন্ন পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ সদ্গতিৰ বাবে সমূহীয়া প্ৰাৰ্থনা জনোৱাৰ উদ্দেশ্য অনুষ্ঠিত এই অনুষ্ঠানত বিশিষ্ট সঙ্গীত শিল্পী জিতুল সোণোৱাল, বিশিষ্ট চিত্ৰশিল্পী ক্ৰমে চম্পক বৰবৰা আৰু কমল মহন্ত উপস্থিত থাকে ৷ বিভাগৰ বিষয়াসকলকে ধৰি আটাইকেইগৰাকী ব্যক্তিয়ে বন্তি প্ৰজলনেৰে সমূহীয়া প্ৰাৰ্থনাত অংশগ্ৰহণ কৰাৰ পিছত অনুষ্ঠানত অংশগ্ৰহণ কৰা তিনিওগৰাকী শিল্পীয়ে নিজৰ নিজৰ বক্তব্য আগবঢ়াই পৰিবহণ বিভাগৰ এই কাৰ্যসূচীয়ে পথ সুৰক্ষাৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোককে সজাগ কৰিব বুলি মন্তব্য কৰি তেওঁলোকেও এইক্ষেত্ৰত সকলোকে সজাগ হোৱাৰ আহ্বান জনায় ৷ এই সজাগতা অনুষ্ঠানতো পৰিবহণ বিষয়া গৌতম দাস আৰু অৰুণ কুমাৰ বৰাই বক্তব্য আগবঢ়ায় ৷

শপত গ্ৰহণৰ সৱিশেষ

ABOUT THE AUTHOR

...view details