গুৱাহাটী, 27 জুলাইঃ 1 আগষ্টৰ পৰা 7 আগষ্টলৈ সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নটসূৰ্যৰ চতুৰ্থ বিংশতিতম বাৰ্ষিক নাট সমাৰোহ৷ নটসূৰ্যৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয় অসমৰ সহযোগত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু শ্ৰী শ্ৰী মাধৱ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই সমাৰোহ ।
সাতদিনীয়া কাৰ্যসূচীৰে নটসূৰ্যৰ বাৰ্ষিক নাট সমাৰোহ আয়োজন - নটসূৰ্য
নটসূৰ্যৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয় অসমৰ সহযোগত 1 আগষ্টৰ পৰা 7 আগষ্টলৈ সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নটসূৰ্যৰ চতুৰ্থ বিংশতিতম বাৰ্ষিক নাট সমাৰোহ
সাতদিনীয়া কাৰ্যসূচীৰে নটসূৰ্যৰ বাৰ্ষিক নাট সমাৰোহ
নাট্যপ্ৰেমী দৰ্শকে বহু উন্নত মানদণ্ডৰ নাটক উপভোগ কৰিবলৈ পাব বুলি উল্লেখ কৰে নটসূৰ্যৰ কাৰ্যকৰী সভাপতি পুলক বেনাৰ্জীয়ে৷ 7 আগষ্টৰ সন্ধিয়া মুম্বাইৰ বিখ্যাত ফিলিছিটি থিয়েটাৰে নিবেদন কৰিব বলিউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক ৰাকেশ বেদীৰ বিখ্যাত হিন্দী নাটক জব উই চেপাৰেটেড ৷ সাতদিনীয়া এই সমাৰোহত অসমৰ নাট্য প্ৰেমী দৰ্শকে উপভোগ কৰিবলৈ পাব অসমৰ বহু কেইজন বিশিষ্ট নাট্যকাৰৰ জনপ্ৰিয় নাট ।