গুৱাহাটী, 2 নৱেম্বৰ: শনিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সম্পন্ন হ'ল ড' ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিতৰণী অনুষ্ঠান ৷ এই অনুষ্ঠানতে ক্ৰিয়েটিভ আইজ নামৰ এটা বেচৰকাৰী সন্থাই আয়োজন কৰা 2019 বৰ্ষৰ সদৌ অসম চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ীসকলক সুধাকণ্ঠ ড' ভূপেন হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান কৰা হয় ৷ এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে চিত্ৰ শিল্পী অতুলচন্দ্ৰ বৰুৱা, প্ৰথিতযশা চিত্ৰ শিল্পী চম্পক বৰবৰাৰ লগতে আন বহুকেইগৰাকী বিশিষ্ট চিত্ৰ শিল্পী ৷
ক্ৰিয়েটিভ আইজৰ উদ্যোগত সুধাকণ্ঠ ডাঃ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিতৰণী অনুষ্ঠান - ক্ৰিয়েটিভ আইজৰ উদ্যোগত সুধাকণ্ঠ ডাঃ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিতৰণি অনুষ্ঠান সম্পন্ন
মহানগৰীৰৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল এই বঁটা বিতৰণি অনুষ্ঠান ৷
ক্ৰিয়েটিভ আইজৰ উদ্যোগত সুধাকণ্ঠ ডাঃ ভূপেন হাজৰিকা সোঁৱৰণী বঁটা বিতৰণি অনুষ্ঠান সম্পন্ন
উল্লেখযোগ্য যে, অসমৰ ২৮ খন জিলাত প্ৰায় 2000 প্ৰতিযোগীৰ মাজত এই চিত্ৰাংকণ প্ৰতিযোগীতাৰ আয়োজন কৰা হৈছিল ৷ তাৰে চূড়ান্ত বিজয়ীসকলক শনিবাৰে গুৱাহাটীত বঁটাসমূহ প্ৰদান কৰা হয় ৷ গুৱাহাটীস্থিত এই ক্ৰিয়েটিভ আইজ নামৰ সন্থাটোৰ মূল উদ্দেশ্য হ'ল শিশু সকলৰ মনস্তাত্বিক বিকাশৰ বাবে এখন মঞ্চ প্ৰদান কৰা ৷