গুৱাহাটী, 2 জুন : বৰ্তমানৰ ভয়াৱহ ক'ভিড পৰিস্থিতিত চিকিৎসকসকলক ভগৱানৰ আসনত ৰখা হৈছে আৰু চিকিৎসকসকলেও সন্মূখৰ পৰা ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰি ৰোগীৰ জীৱন ৰক্ষাত ব্ৰতী হৈ আছে। এনে এক পৰিস্থিতিত ক'ভিডৰ চিকিৎসাত ব্ৰতী হৈ থকা এগৰাকীক চিকিৎসকক বৰ্বৰভাৱে আক্ৰমণ কৰা কৰা হ'ল।
যিটো ঘটনা সংঘটিত হ'ল অসমৰ হোজাই জিলাৰ লংকাৰ ফুলতলী মডেল হাস্পতালৰ ক'ভিড কেয়াৰ চেণ্টাৰত । এজন ক'ভিড ৰোগীৰ মৃত্যক লৈ ক'ভিড কেয়াৰ চেণ্টাৰটোত নিয়োজিত হৈ থকা চিকিৎসক ডাঃ সেউজ সেনাপতিক এদল লোকে বৰ্বৰভাৱে আক্ৰমণ কৰে । এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ডাঃ সেউজ সেনাপতিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । সমগ্ৰ দেশজুৰি এই ঘটনাৰ প্ৰতিবাদ হৈছে ।
হোজাইত চিকিৎসকক প্ৰহাৰ: ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ বুধবাৰে ৰাজ্যজুৰি এই ঘটনাৰ প্ৰতিবাদ জনাই চিকিৎসকসলে ক’লা বেজ পৰিধান কৰাৰ উপৰি চিকিৎসাল সমূহৰ সাধাৰণ অ'পিডি পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ বন্ধ ৰখা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালটো চিকিৎসকসকলে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে । এই ঘটনাক কঠোৰ ভাৱে নিন্দা জনাই দোষীক উপযুক্ত শাস্তি প্ৰদানৰ লগতে চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে অসম মেডিকেল সেৱা সন্থাৰ চমুকৈ আমছাৰ সাধাৰণ সম্পাদক ডাঃ কনক তালুকদাৰে ।
ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ডাঃ সেউজ সেনাপতিৰ স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে অৱগত কৰে । উল্লেখ যে, চিকিৎসক সেউজ সেনাপতিক বৰ্বৰভাৱে আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২৪ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়কঃ হোজাই কাণ্ড: তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ প্ৰতিবাদ