অসম

assam

ETV Bharat / city

কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিলে শাক-পাচলিৰ মূল্য - জিলা উপায়ুক্তৰ সভাকক্ষত গুৰুত্বপূৰ্ণ বৈঠক

শাক-পাচলিৰ মূল্য নিৰ্ধাৰণ কৰিলে কামৰূপ জিলা প্ৰশাসনে ৷ জিলা উপায়ুক্তৰ সভাকক্ষত এই সম্পৰ্কত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক ৷

জিলা উপায়ুক্তৰ সভাকক্ষ
শাক-পাচলিৰ মূল্য নিৰ্ধাৰণ কৰিলে কামৰূপ জিলা প্ৰশাসনে

By

Published : Apr 7, 2020, 8:50 PM IST

গুৱাহাটী, 7 এপ্ৰিল : মঙলবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত মনোজ চিকৰিয়া, খাদ্য অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক প্ৰমোদ শ্যামকে ধৰি কেইবাটাও বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে । এই বৈঠকতে বুধবাৰৰ পৰা গুৱাহাটীত শাক-পাচলি বিক্ৰী হ'বলগীয়া সন্দৰ্ভত আলোচনা কৰা হয় ৷

কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিলে শাক-পাচলিৰ মূল্য

শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা যোগান বিভাগ, কৃষি সামগ্ৰী বিপণন পৰিষদ, বৈধ পৰিমান বিজ্ঞান বিভাগৰ বিষয়াই নিজে তদাৰক কৰিব ৷ ইতিমধ্যেই জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিছে সামগ্ৰীৰ মূল্য । জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই সমগ্ৰ বিষয়টো তদাৰক কৰাৰ নিৰ্দেশ দিয়ে সংশ্লিষ্ট বিভাগসমূহক ।

শাক-পাচলিৰ মূল্য নিৰ্ধাৰণ

তাৰোপৰি, স্বাস্থ্য বিভাগৰ নীতি-নিয়ম আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই পাচলি বিক্ৰী কৰা হৈছে নে নাই সেই দিশসমূহ পৰ্যবেক্ষণ কৰিবলৈও উক্ত বৈঠকত নিৰ্দেশ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে । উল্লেখযোগ্য যে, গুৱাহাটীৰ মুঠ ৯০ টাকৈ স্থানত পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজালৈ বিক্ৰী কৰা হ'ব শাক-পাচলি ।

ABOUT THE AUTHOR

...view details