অসম

assam

ETV Bharat / city

কম্বল বিচাৰি গোলঘাট পালেগৈ দিছপুৰ আৰক্ষী

গোলাঘাটত গুদামে গুদামে কম্বল উদ্ধাৰ ৷ কম্বল উদ্ধাৰ হোৱাৰ তথ্য লাভ কৰি অকণো পলম নকৰি দিছপুৰৰ পৰা গোলাঘাট পালেগৈ আৰক্ষী ৷ কিন্তু কিয় জানিবলৈ হ’লে পঢ়িব লাগিব আমাৰ এই প্ৰতিবেদন ৷

দিছপুৰ আৰক্ষী গোলঘাট পালেগৈ কম্বল বিচাৰি
দিছপুৰ আৰক্ষী গোলঘাট পালেগৈ কম্বল বিচাৰি

By

Published : Aug 5, 2021, 8:17 PM IST

গোলাঘাট, 5 আগষ্ট : কংগ্ৰেছ চৰকাৰৰ (congress government) কাৰ্যকালৰ সময়ত অসমত ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল সূতা-কম্বলে ৷ কংগ্ৰেছে কেৱল সূতা-কম্বলৰে ৰাজনীতি কৰে বুলিও ঢৌ উঠিছিল ৷ কিন্তু এতিয়া হঠাৎ বিজেপি চৰকাৰৰ দিনত আকৌ চৰ্চালৈ আহিছে কম্বলৰ (blanket) প্ৰসংগ ৷

আপুনি চাগৈ ভাবিছে, বিজেপিৰ দিনত কম্বলৰ কি কাম ৷ নাভাবিবনো কিয় কাৰণ এতিয়া ৰাজ্যত বিজেপি (BJP GOVERNMENT) নেতৃত্বাধীন চৰকাৰখনে কংগ্ৰেছক সেই সূতা-কম্বল দি হিতাধিকাৰী সৃষ্টি কৰাৰ বাবে কঠোৰভাৱে সমালোচনা কৰে ৷ এই সকলোবোৰৰ মাজতে বুধবাৰে গোলাঘাটত দিছপুৰ আৰক্ষী (DISPUR POLICE) উপস্থিত হৈ এক বিশেষ অভিযান চলোৱা কাৰ্যই কম্বলক পুনৰ ৰাইজৰ চৰ্চাৰ বিষয় কৰিছে ৷

দিছপুৰ আৰক্ষী গোলঘাট পালেগৈ কম্বল বিচাৰি

উল্লেখযোগ্য যে, গোলাঘাট জিলাত (GOLAGHAT DISTRICT) বিগত সপ্তাহত গুদামে গুদামে কম্বল (blanket) উদ্ধাৰ হৈছিল ৷ তাৰপাছতে গোলাঘাট আৰক্ষীয়ে অভিযান চলাই ছীল কৰিছিল অবৈধভাৱে কম্বল মজুত ৰখা ইটোৰ পিছত সিটো গুদাম ৷

এতিয়া গোলাঘাটত লাখ লাখ টকাৰ কম্বল উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, কছাৰীহাটৰ জনৈক আলী নামৰ ব্যক্তিজনে এনেদৰে অবৈধভাৱে মজুত কৰি ৰাখিছিল কম্বৰ সমূহ ৷ ইপিনে এই সমগ্ৰ ঘটনা সৰ্ন্দভত গোলাঘাট আৰক্ষীৰ (golaghat police) লগতে দিছপুৰ আৰক্ষীক সাংবাদিকে কম্বলৰ উৎসৰ বিষয়ে প্ৰশ্ন কৰাত এই পৰ্যন্ত একো কথাই প্ৰকাশ কৰিব বিচৰা নাই ।

আনহাতে, একাংশ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে, উদ্ধাৰ হোৱা কম্বল সমূহ চৰকাৰী আঁচনিৰ বাবে অনা কম্বল । কিন্তু গোলাঘাটলৈ কেনেকৈ আহিল বৃহৎ পৰিমাণৰ কম্বল ৷ ইয়াকে লৈ গোলাঘাটত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । পৰৱৰ্তী সময়ত আৰক্ষীৰ সঠিক তদন্ততহে সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে ৷ এয়া আচলতে চৰকাৰী আঁচনিৰ অৰ্ন্তভুক্ত কম্বল নে অন্য কিবা ৷

লগতে পঢ়কঃ শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details