গুৱাহাটী, 28 নৱেম্বৰ : শনিবাৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক কনকেশ্বৰ বৰগোহাঞিৰ লগতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা বিভাগীয় কর্মচাৰী অশোক শইকীয়া, গোলাপ চন্দ্ৰ ফাংচু, কামিনীকান্ত ডেকা, বিদ্যাসাগৰ বৰুৱা, নলিনী কুমাৰ শৰ্মা আৰু বিৰাজ হাজৰিকাক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় । আটাইকেইগৰাকী বিষয়া-কৰ্মচাৰীক একোখনি ফুলাম গামোছা, এখনি শৰাই, মানপত্ৰ আৰু বিভাগীয় পত্ৰিকাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বর্ধনা জ্ঞাপন কৰা হয় ।
সঞ্চালক অনুপম চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিভাগীয় শিল্পীসকলে পৰিবেশন কৰা এটি গীতেৰে আৰম্ভ কৰা হয় । সভাখনত সঞ্চালক অনুপম চৌধুৰী, অতিৰিক্ত সঞ্চালক প্ৰদীপ কুমাৰ ব্ৰহ্ম, ৰাইজৰ বাতৰিৰ সম্পাদক ভূপেন্দ্ৰ নাথ ভট্টাচার্য, জনসম্পৰ্কৰক্ষী বিষয়া জাহিদ আহমেদ তাপাদাৰ আৰু বিভাগীয় কর্মচাৰী ৰাচিদ জামাল, জোনালী দেৱী, জুৰী গোস্বামী আদিয়ে যুটীয়া সঞ্চালক বৰগোহাঞি আৰু অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী কেইগৰাকীৰ সৈতে একেলগে কাম কৰাৰ অভিজ্ঞতা, অনুভৱ আদি ব্যক্ত কৰি ভাষণ প্ৰদান কৰে ৷