গুৱাহাটী, 13 জুন : বাঘজানৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ দেওবাৰে ঘটনাস্থলীত উপস্থিত হ'ব কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰিছে এই কথা । আজি কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকী আহি গুৱাহাটীত উপস্থিত হ'ব যদিও কাইলৈহে ৰাওনা হ'ব বাঘজানলৈ ৷
উল্লেখ্য যে, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ ল'বলৈ দুই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰাক বাঘজানলৈ পঠিয়াইছিল যদিও দুয়োগৰাকীয়ে বাঘজানবাসীৰ ক্ষোভৰ সন্মুখীন হ'বলগীয়া হয় ।