গুৱাহাটী, ২৫ মাৰ্চ :মহানগৰীৰ পাটৰকুছিত শুকুৰবাৰে পুৱা সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড (Massive fire in Guwahati city)৷ পাটাৰকুছিৰ আৱাসিক এলেকাত সংঘটিত হয় এই অগ্নিকাণ্ড (Guwahati fire incident) ৷ অগ্নিকাণ্ডত জাহ যায় প্ৰায় ২৫টাকৈ অধিক টিন-তৰ্জাৰে নিৰ্মিত ঘৰ ৷
জুইত জাহ যায় এগৰাকী প্ৰাক্তন আৰক্ষীৰ বাসগৃহও । প্ৰাক্তন আৰক্ষী বিষয়া নবীন চন্দ্ৰ বৰাৰ ঘৰতেই এই জুইৰ সূত্ৰপাত হোৱাৰ কথা জানিব পৰা হৈছে ৷ আৰক্ষী লোকজনৰ ঘৰত আছিল প্ৰায় ৩০টা ভাড়া ঘৰ । ঘটনাস্থলীত ৯খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ।