অসম

assam

By

Published : Nov 15, 2021, 6:45 PM IST

Updated : Nov 15, 2021, 7:04 PM IST

ETV Bharat / city

কোনে শুনে কাৰ কথা, ঘোষণাৰ পিছতো প্ৰত্যাহাৰ হোৱা নাই Ceiling ব্যৱস্থা

চিলিং (Ceiling) ব্যৱস্থাৰ ৰঙা ফিটাৰ মেৰপেচত পৰি বহু ঠিকাদাৰে প্ৰাপ্য ধন আৰু বহু চৰকাৰী কৰ্মচাৰীয়ে সময়মতে দৰমহা আদায় নাপায় । সেয়ে প্ৰশাসনীয় ব্যৱস্থাটোক সৰলীকৃত কৰাৰ উদ্দেশ্যেই বিত্তমন্ত্ৰী হৈ থকা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিলিং ব্যৱস্থাটো প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল ।

despite-announcement-assam-yet-to-withdraw-ceiling-system
চিলিং নাই : কোনে শুনে কাৰ কথা, মুখ্যমন্ত্ৰীৰ ঘোষণাও অসাৰ

গুৱাহাটী, ১৫ নৱেম্বৰ :বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা প্ৰাক্তন বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই প্ৰশাসনীয় ব্যৱস্থাটো সৰলীকৃত কৰাৰ উদ্দেশ্যেই বিত্তমন্ত্ৰী হৈ থকা সময়ত ঘোষণা কৰিছিল যে এতিয়াৰে পৰা Fixation of Ceiling (FOC) চমুকৈ চিলিং ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হ’ব । কিয়নো এই চিলিং ব্যৱস্থাৰ ৰঙা ফিটাৰ মেৰপেচত পৰি বহু ঠিকাদাৰে প্ৰাপ্য ধন আৰু বহু চৰকাৰী কৰ্মচাৰীয়ে সময়মতে দৰমহা আদায় নাপায় । যিহেতু দিছপুৰৰ কোষাগাৰৰ পৰা কেন্দ্ৰীভূতভাৱে এই চিলিং মোকলাই দিয়া হয় ।

বিত্তমন্ত্ৰীৰ এই ঘোষণাৰ পিছত যাৱতীয় নিৰ্দেশনাও জাৰি কৰা হৈছিল । কিন্তু পৰিতাপৰ বিষয় যে এতিয়াও ৰঙা ফিটাৰ মোহ এৰিব নোৱৰা বিত্ত বিভাগে এই নিৰ্দেশনা কাৰ্যকৰীয়েই নকৰিলে । যাৰ ফলস্বৰূপে চিলিং নোপোৱাৰ বাবে বিগত দুমাহে দৰমহা লাভ কৰা নাই বহু ঠিকাভিত্তিক আৰু অস্থায়ী চৰকাৰী কৰ্মচাৰীয়ে । একমাত্ৰ বিত্ত বিভাগৰ অৱহেলাৰ বাবেই আজিকোপতি চিলিং ব্যৱস্থা প্ৰত্যাহাৰ নহ'ল ।

স্বয়ং মুখ্যমন্ত্ৰীৰ ঘোষণা আৰু নিৰ্দেশো কাৰ্যকৰী নকৰিলে বিত্ত বিভাগে । ফলত এতিয়াও চিলিঙৰ অভাৱৰ বাবেই নিয়মীয়াকৈ দৰমহা লাভৰ পৰা বঞ্চিত হৈ আহিছে বুজন সংখ্যক চৰকাৰী কৰ্মচাৰী । কাৰিকৰী কথাটো হ'ল যে এইসকল কৰ্মচাৰীয়ে চিলিং অবিহনেই দৰমহা নিয়মীয়াকৈ লাভ কৰিবলৈ হ'লে বিত্ত বিভাগে দৰমহাৰ ‘হেড’ সলনি কৰিব লাগিব । বৰ্তমানৰ ০০৫ ‘হেড’ৰ পৰা ইয়াক ০০১ ‘হেড’লৈ পৰিৱৰ্তন কৰিব লাগিব । কিন্তু দিছপুৰৰ বিয়াগোম বিত্ত বিভাগটোৱে আজি অতদিনে সেই কামটোকে কৰি নিদিলে । যাৰফল ভুগিবলগীয়া হৈছে এইসকল অসহায় চৰকাৰী কৰ্মচাৰীয়ে ।

লগতে পঢ়ক :MLA Training Camp: মুম্বাইৰ পিছত এইবাৰ দিছপুৰত বিধায়কৰ প্ৰশিক্ষণ

Last Updated : Nov 15, 2021, 7:04 PM IST

ABOUT THE AUTHOR

...view details