গুৱাহাটী, 5 ফেব্ৰুৱাৰী : ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰাত আগন্তুক 15 ফেব্ৰুৱাৰীৰ পৰা শিক্ষানুষ্ঠান খোলাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ (Assam schools to reopen from February 15) ৷ কিন্তু শিক্ষানুষ্ঠান খোলাৰ পূৰ্বে ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যা বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে স্বাস্থ্যবিভাগৰ লগতে শিক্ষা বিভাগক ৷ ক'ভিডত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অফলাইনত পাঠদান দিয়াৰ বিষয়টো নিৰীক্ষণত ৰাখিছে স্বাস্থ্য বিভাগে । এই বিষয়টো লৈ স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ বিষয়ববীয়াসকলে সঘনে জৰুৰী আলোচনাত মিলিত হৈছে ।
বিগত এপষেক ধৰি ৰাজ্যত দৈনিক গড়ে 20 জনকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে । এনে পৰিস্থিতিত প্ৰাথমিক শ্ৰেণীৰ বিদ্যালয় খোলাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ । ৰাজ্যত অ'মিত্ৰণৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ত ক’ভিডত দৈনিক মৃত্যুৰ সংখ্যা শূন্যলৈ নামি আহিছিল যদিও সম্প্ৰতি প্ৰতিদিনেই 18-20 জনকৈ ৰোগীৰ মৃত্যু হৈছে । স্বাস্থ্য বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি বিগত এসপ্তাহত 133 জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । শুকুৰবাৰৰ দিনটোত ৰাজ্যত 15 জন ক’ভিড ৰোগীৰ মৃত্যু হয় । ক'ভিডৰ তিনিওটা ঢৌত এতিয়ালৈ ৰাজ্যত সৰ্বমুঠ 7,480 জন ৰোগীৰ মৃত্যু হৈছে ।
আনহাতে বিগত 24 ঘণ্টাত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈছে 739 জন লোক । ইয়াৰ ভিতৰত গুৱাহাটীৰ 165 জন, যোৰহাটৰ 59 জন, লখিমপুৰৰ 54 জন আৰু গোলাঘাটৰ 53 জন । যোৰহাট আৰু কামৰূপ মহানগৰত শুকুৰবাৰৰ দিনটোত তিনিজনকৈ ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে গোলাঘাট, শিৱসাগৰ আৰু শোণিতপুৰত দুজনকৈ ৰোগীৰ মৃত্যু হৈছে । উল্লেখ যে 25 জানুৱাৰীৰ পৰা ক'ভিড আক্ৰান্তৰ হাৰ 10 শতাংশৰ তললৈ নামি আহিছে যদিও মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা নাই । 25 জানুৱাৰীৰ দিনা আক্ৰান্তৰ হাৰ আছিল 9.61 শতাংশ আৰু মৃত্যু হৈছিল 19 জন লোকৰ ।