গুৱাহাটী, 17 ডিচেম্বৰ :অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিৱিৰ(APCC workshop in Guawahati)ৰ শুকুৰবাৰে সামৰণি পৰে । সামৰণি অনুষ্ঠানত অংশ লৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপালে (AICC General Secretary KC Venugopal in Guwahati) সাংবাদিকৰ আগত কয় যে, এই প্ৰশিক্ষণ অতি প্ৰয়োজন, ই দলীয় কৰ্মী সকলৰ মাজত উৎসাহ যোগোৱাৰ লগতে সংগঠনৰ সাংগঠনিক ভেটি শক্তিশালী কৰে ।
তেওঁ পুনৰ কয়, ''কৰ্মী সকলৰ মাজত প্ৰশিক্ষণৰ জৰিয়তে ডাঙৰ অভিজ্ঞতা হৈছে । এনেধৰণৰ প্ৰশিক্ষণ দেশৰ সকলো ৰাজ্যতে আয়োজন কৰা হৈছে । কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপালে কয় যে নৰেন্দ্ৰ মোদীৰ শাসনকালত ভাৰতবৰ্ষ বিভিন্ন ধৰণে ভাবুকিৰ সম্মুখীন হৈছে । দেশৰ আন প্ৰান্তৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভাবুকিৰ সম্মুখীন হৈছে । নৰেন্দ্ৰ মোডীৰ শাসনকালত দেশৰ গণতন্ত্ৰ বিপদাপন্ন হৈছে (Democracy is in danger says KC Venugopal )।