নিউজ ডেস্ক, 1 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীৰ হৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ ।
ইতিমধ্যে এই সন্দৰ্ভত কেজৰিৱালৰ সৈতে যোগাযোগ চলি আছে দুয়োটা দলৰ নেতৃত্বৰ । সোমবাৰে এই কথা জানিবলৈ দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ।