অসম

assam

ব্ৰহ্মপুত্ৰত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা সদিলাপুৰত

By

Published : Jul 14, 2020, 8:25 PM IST

Updated : Jul 14, 2020, 10:38 PM IST

পাণ্ডুৰ সদিলাপুৰত হৰিণা ভক্ষণৰ চেষ্টা ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত পলায়ন কৰিলে অভিযুক্তই ৷

ব্ৰহ্মপুত্ৰত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা সদিলাপুৰত
ব্ৰহ্মপুত্ৰত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা সদিলাপুৰত

গুৱাহাটী, 14 জুলাই :পুনৰ জীৱশ্ৰেষ্ঠ মানৱৰ নৃশংস কাণ্ড । ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা একাংশৰ । হৰিণাৰে এসাজ খাবলৈ পাণ্ডু সদিলাপুৰৰ একাংশ লোকে উটি অহা হৰিণাটো কাটি ভাগ কৰিবলৈ সাজু হওঁতেই ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী ৷

ব্ৰহ্মপুত্ৰত উটি অহা হৰিণা ভক্ষণৰ চেষ্টা সদিলাপুৰত

পাণ্ডু সদিলাপুৰৰ বিনয় মজুমদাৰ নামৰ লোকজনৰ ঘৰত হঠাৎ উপস্থিত হয় জালুকবাৰী আৰক্ষী আৰু বনবিভাগৰ লোক । আৰক্ষীৰ লোকক দেখি হৰিণা এৰি পলায়ন কৰে লোকসকলে । পিছত আৰক্ষী আৰু বন বিভাগৰ লোকে মৃত হৰিণাটো মৰণোত্তৰ পৰীক্ষা কৰি সৎকাৰ কৰে ।

ইফালে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে । উক্ত গোচৰৰ ভিত্তিত হৰিণা হত্যা কৰি ভক্ষণ কৰিব বিচৰা লোকসকলৰ সন্ধানত নামি পৰিছে আৰক্ষী । কিন্তু বৰ্তমানো পলাতক অৱস্থাত আছে বিনয় মজুমদাৰ আৰু তেওঁৰ সংগী ।

লগতে পঢ়ক :বিলাসীপাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰফুল্ল কুমাৰ মহন্তই

Last Updated : Jul 14, 2020, 10:38 PM IST

ABOUT THE AUTHOR

...view details