অসম

assam

ETV Bharat / city

অৱসৰৰ পিছদিনাই ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন - অলিম্পিক পদক বিজয়ী

ৰাজ্যিক কেবিনেটত বৃহস্পতিবাৰে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ লাভলীনা বৰগোহাঁইক উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুমোদন কেবিনেটৰ । আনহাতে ধান ক্ৰয়ৰ বাবে ১৬০ কোটি টকাৰ মঞ্জুৰি দিয়াৰ লগতে ক'ভিডৰ ফ্ৰণ্টলাইন ৱৰ্কাৰছসকলক দুই হাজাৰ টকাকৈ উদ্গনিমূলক জলপানি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে ।

decisions-made-in-assam-state-governments-cabinet-meeting
ৰাজ্যিক কেবিনেটৰ বৈঠক

By

Published : Oct 28, 2021, 7:44 PM IST

গুৱাহাটী, ২৮ অক্টোবৰ : এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণৰ পিছদিনাই লাভ কৰিব পেঞ্চন ৷ অৱসৰ গ্ৰহণৰ পূৰ্বে কৃতজ্ঞতা পৰ্টেলৰ জৰিয়তে পেঞ্চনৰ বাবে আবেদন কৰিব পাৰিব শিক্ষক-কৰ্মচাৰীসকলে ৷ ৰাজ্যিক কেবিনেটে বৃহস্পতিবাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে কইনাধৰাত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকখন ৷ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক উপ আৰক্ষী অধীক্ষক(প্ৰবেশ্বনাৰ) পদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুমোদন দিয়া হৈছে । কেবিনেটৰ সিদ্ধান্ত অনুসৰি শিক্ষক-কৰ্মচাৰীসকলে পোনপটীয়াকৈ পৰ্টেলৰ জৰিয়তে পেঞ্চনৰ বাবে আবেদন কৰিব পাৰিব । ইয়াৰ বাবে এমট্ৰনে প্ৰতি জিলাত পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰিব । আনহাতে, পেঞ্চনাৰসকলৰ পেঞ্চনৰ টকা উলিওৱাৰ পৰিমাণ এক লাখৰ পৰা তিনি লাখলৈ টকা বৃদ্ধি কৰা হৈছে ৷ ইয়াৰ বাবে চাৰিজন অতিৰিক্ত সঞ্চালক নিযুক্তি দিয়া হ'ব ।

একেদৰে পূৰ্বে পেঞ্চনাৰসকল জীৱিত হয়নে নহয় তাৰবাবে প্ৰতিবছৰে বেংকলৈ গৈ প্ৰমাণপত্ৰ দিব লাগিছিল । এতিয়াৰে পৰা পেঞ্চনাৰ পৰ্টেলৰ জৰিয়তে এই কাম কৰিব পাৰিব । কেবিনেটে ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত মিনিমাম চাপ’ৰ্ট প্ৰাইচৰ ৱৰ্কিং কেপিটেলৰ বাবে ১৬০ কোটি টকা ধাৰ্য কৰিছে । আনহাতে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ আসনৰ সংখ্যা ১৮ খনৰ পৰা ২২ খনলৈ বৃদ্ধি কৰা হৈছে । সেইদৰে ৰেঞ্জাৰসকলক ড্ৰেছ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ফৰেষ্ট গাৰ্ডৰ পৰা ডেপুটি ৰেঞ্জাৰ লৈ সমহাৰত ইউনিফৰ্ম দিয়া হ’ব । এতিয়ালৈকে ৰাজ্যত দুই কোটিৰো অধিক লোকক ক'ভিড ভেকচিন দিয়া হৈছে । কেবিনেটত ক'ভিডৰ ফ্ৰণ্টলাইন ৱৰ্কাৰছ সকলক দুই হাজাৰ টকাকৈ উদগনিমূলক জলপানি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অংগনবাড়ী কৰ্মচাৰীসকলকো ৫০০ টকাকৈ দিয়া হ'ব । অসম আৰোগ্য নিধিৰ পৰা এই ধন দিয়া হ’ব । কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলযোগে কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সদৰি কৰে ।

লগতে পঢ়ক :লখিমপুৰত অসম্পূর্ণ হৈয়ে ৰ'ল শ শ কোটি টকীয়া কেইবাখনো আঁচনি

ABOUT THE AUTHOR

...view details