অসম

assam

ETV Bharat / city

কোভিড-১৯ পজিটিভ এম্বুলেন্স ড্ৰাইভাৰক ৰাজ্য এৰি যাবলৈ অনুমতি প্ৰদান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে এগৰাকী কোভিড-১৯ পজিটিভ এম্বুলেন্স ড্ৰাইভাৰক ৰাজ্যৰ পৰা যাবলৈ অনুমতি প্ৰদান কৰে । গাড়ীচালকগৰাকীৰ লক্ষণ "asymptomatic" হোৱাৰ বাবেই তেওঁক এইদৰে মুম্বাইলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয় ।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : May 10, 2020, 4:00 PM IST

গুৱাহাটী, ১০ মে' : হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ পিচতেই এতিয়া ৰাজ্যত তোলপাৰ লাগিছে । কিয়নো বিগত নিশা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুম্বাই পৰা অহা তিনিগৰাকী ব্যক্তি কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি টুইট কৰিছিল । একেটা টুইটতে মুম্বাইৰ পৰা যোৰহাটলৈ অহা লোককেইজনক লৈ অহা গাড়ীচালকগৰাকীক মুম্বাইলৈ উভটি যাবলৈ অনুমতি দিয়াৰ কথাও উল্লেখ কৰিছিল শৰ্মাই । কিন্তু এম্বুলেন্সৰ গাড়ীচালকগৰাকী কোভিড-১৯ পজিটিভ হোৱাৰ বাবেই এইদৰে ছচিয়েল মিডিয়াত এতিয়া তোলপাৰ লাগিছে ।

হিমন্ত বিশ্ব শৰ্মাৰ অনুগামীসকলে গাড়ীচালকগৰাকীক মুম্বাইলৈ উভটি যাবলৈ দিয়াৰ বাবে বিভিন্নধৰণে শৰ্মাক সমালোচনা কৰা পৰিলক্ষিত হৈছে । এগৰাকী কোভিড-১৯ পজিটিভ গাড়ীচালকক এইদৰে বহিঃৰাজ্যলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ ফলত এতিয়া বহুলোক কোভিড-১৯ ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে ।

আনহাতে এই ঘটনাৰ পিচতেই শৰ্মাই কয় যে, গাড়ীচালকগৰাকীৰ লক্ষণ asymptotic হোৱাৰ বাবেই তেওঁক যাবলৈ দিয়া হৈছিল যদিও শেহতীয়াকৈ মোৰ অনুৰোধত বিহাৰ চৰকাৰে তেওঁক চিকিৎসাৰ বাবে আৱদ্ধ কৰিছে । অসমত নিৰ্ধাৰিত অনুজ্ঞাপত্ৰ লৈয়ে প্ৰৱেশ কৰিছিল গাড়ীচালকগৰাকীয়ে বুলিও শৰ্মাই উল্লেখ কৰে । হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তৰ পিচতে বহুকেইগৰাকী লোকে টুইটাৰ তথা ফেচবুকত বহুটো প্ৰশ্নৰ উত্থাপন কৰে যদিও শৰ্মাই অতি কৌশলেৰে সকলোৰে প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে ।

বৰ্তমানে ৰাজ্যত ৬২ গৰাকী লোকৰ দেহত কোভিড-১৯ পোৱা গৈছে ।

ABOUT THE AUTHOR

...view details